সেউজী পাতৰ কাহিনী
হাঁহিলে; মিনে মূৰ জোকাৰি ঘৈণীয়েকক মাথোন সমৰ্থন কৰিলে।
“তহঁতৰ নিচিনা ছোৱালীলৈ ভয় লাগে; মোৰ মিনটো ধুনীয়া; অকলে পালে তহঁতে কিজানি তাক বলিয়া কৰ।” পাগলীৰ কথাত চনিয়াৰ গহীন মুখতো ঈষৎ হাঁহি বিৰিঙিল।
চনিয়াৰ একেবাৰে কাষ চাপি পাগলীয়ে কলে, “বুজিছ, মিনৰ লগৰ ছাঁৰ দৰে ফুৰো দেখিয়েই মানুহে মোক পাগলী বোলে। চা-চোন মাক-বাপেকক এৰি মিন সৰুতেই দেশৰপৰা পলাই আহিছে; ইয়াত তাৰ আপোন বুলিবলৈ কোনো নাই; তাৰ মাত-কথাও কোনেও নুবুজে। সেয়েহে তাৰ মনৰ সুখ-দুখৰ কথা কাকো বুজাব নোৱাৰে। মাকৰ বাৰোটা লৰা- ছোৱালীৰ ভিতৰত মিনেই নুমলীয়া। বাপেক সৰুতেই মৰিল; মাকৰ মৰমতেই সি ডাঙৰ হৈছিল। অকণমান কথা এটাতে মাকৰ লগত কাজিয়া কৰি ঘৰ এৰি নানা দেশ নানা যাত্ৰীৰ লগত ঘূৰি ঘূৰি বাগিছা ওলালহি। আজিও অকলশৰীয়া হলে মাকৰ কথাকে ভাবে; ৰাতি টোপনিতে মাকৰ লগত কথা পাতি উচুপি উচুপি কান্দে; মাকৰ সপোন দেখিবলৈ কানি খাই দিনতে টোপনিয়ায়। মাকৰ কথা পাহৰাবলৈ গাত হাত ফুৰাই ফুৰাই সাধুকথা কৈ মই তাক শুৱাব লাগে। বয়স হৈছে যদিও মিনটোৰ মনটো এতিয়াও কেচুৱাৰ দৰে; সৰু লৰাৰ
দৰে অলপতে ঠেহ পাতি নোখোৱা হয়। মই কাষত নেথাকিলে
৩৪৭