সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


আহিছিলো। কিন্তু এতিয়া কোনো কাম কৰিবলৈ মোৰ উৎসাহ নোহোৱা হৈছে।”

 কাহ এটা মাৰি ডিঙিটো পৰিষ্কাৰ কৰি দেৱেশ্বৰে গীতা ব্যাখ্যাৰ আৰ্হিত কলে, “তোমাক কৈছোৱেই নৰেন, ঈশ্বৰে সৃষ্টি কৰা পৃথিবীখন ধুনীয়া হৈছে, কিয়নো ই সুখ-দুখ, অভাৱ অনাটন, নিৰাশ হতাশৰে বিচিত্ৰ। দুখ জীৱ মাত্ৰৰে আছে— কিন্তু দুখকেই প্ৰধান সত্য বুলি ভাবিলে জীৱন দুৰ্ব্বহ হব। তাৰোপৰি দুখ-যন্ত্ৰণা, আপদ অপমান যিমানেই কষ্টকৰ নহওঁক, ভগৱানে তাক সহ্য কৰিবলৈ মানুহক শক্তি দিয়ে—যদি মানুহে তেওঁৰ ওচৰত শৰণ লয়। মোলৈকে নোচোৱা কিয়? নৰেশ্বৰৰ ককায়েক ঢুকুৱাৰ বছেৰেক নৌহওঁতেই তাৰ মাককো হেৰুৱালোঁ৷ তিৰোতা হেৰুৱাই এই বয়সত কিমান কষ্ট পালে৷ কি কম? এদিন ভাবিছিলোঁ—নৰেশ্বৰৰ মাকৰ শোক বহন কৰা মোৰ পক্ষে অসম্ভৱ হব। এতিয়া দেখিছো সেই শোকো একৰকম সহ্য হৈছে। তিৰোতাৰ মৃত্যুয়ে ঈশ্বৰত বিশ্বাস আৰু ভক্তি বঢ়াইছে বুলিহে ভাবো সোঁ হাতৰে চকু কেইটা মোহাৰি পুনৰ কলে, – “মোৰ দুৰ্ভাগ্যৰ কাৰণে ভগৱানক দোষ নিদিওঁ— তেওঁৰ অপাৰ কৰুণাৰ ভাগহে বিচাৰোঁ। এই বিশ্বাসেই যেন সকলো দুখ-শোক সহ্য কৰিবলৈ মনত শক্তি দিয়ে।”

 দেৱেশ্বৰে ক্ষন্তেক চিন্তাগ্ৰস্ত হৈ পুনৰ কলে, “জানা নৰেন,

কমাশালত পুৰিলেহে লো ভাঁজ লগাব পাৰি; দুখ-কষ্টক

২৯