সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


 “মই নুবুজা নহয়, তইহে মোৰ কথা বুজা নাই।” মোনাটোৰ পৰা কিবা এটা উলিয়াই নৰেশ্বৰৰ হাতত দি কলে, “তই মোৰ এটা উপকাৰ কৰি দিবি ; এই ডাল এণ্ড্ৰুজ চাহাবক কেনেবাকৈ দিয়াবি। এণ্ড্ৰুজ চাহাবে আইৰ আঙঠি এটাৰে সৰুতে মোক এই ৰূপৰ হাৰডাল গঢ়াই দিছিল; ক্রুছ এডাল ইয়াতে লগোৱা আছে। মিছনৰ স্কুল এৰাৰ পৰা এই ডাল মই পিন্ধা নাই। ক্রুছ ডাল ডিঙিত থাকিলে বোলে বেয়া কাম কৰিব নোৱাৰি; আজিৰ পৰা এই ডালৰ মোৰ দৰ্কাৰ নাই- পাদুৰিৰ বস্তু পাদুৰিক দিবি। লখুৰ হাততে পঠালোহেঁতেন ; পিছে, ঘৰ এবাৰ কথা গম পালে - সি ৰাতি-দিন মোক পহৰা দিলেহেঁতেন।” ক্ষন্তেক ৰৈ চনিয়াই কিবা ভাবিলে —লখুব কথা। চনিয়াৰ চকুৰ পৰা জৰ-জৰকৈ চকু-পানী ওলাল —পুৱাৰ নিয়ৰৰ দৰে শীতল, নিৰ্ম্মল ।

 অধিক সময় অপেক্ষা কৰিলে মমতা বাঢ়িব, যাত্ৰাৰ সংকল্প শিথিল হব, তাকে ভাবি চনিয়াই চকুৰ পানী টুকি টুকি থোকাথুকি মাতেৰে কলে, “মই যাওঁ; তোৰ মৰম জীৱাই থাকোঁমানে মনত পৰিব।”

 নৰেশ্বৰে বুজিলে, চনিয়াৰ মূৰৰ বিকাৰ; তাই নিজৰ অৱস্থাত নাই; ৰাতি বাগিছাৰ মাজে মাজে বলিয়াৰ দৰে ঘূৰি, পুৱা প্রকৃতিস্থ হৈ ঘৰলৈ ঘূৰি আহিব। অকলে অকলে ৰাতিখননো তাই যাব কলৈ ? কি কৰিব নকৰিব ভাবি-চিন্তি থাকোতেই

অকস্মাত ৰাতিৰ গহীন আন্ধাৰত চনিয়া হেৰাই গল ।

৩৪৩