সেউজী পাতৰ কাহিনী
“মই নুবুজা নহয়, তইহে মোৰ কথা বুজা নাই।”
মোনাটোৰ পৰা কিবা এটা উলিয়াই নৰেশ্বৰৰ হাতত দি কলে,
“তই মোৰ এটা উপকাৰ কৰি দিবি ; এই ডাল এণ্ড্ৰুজ চাহাবক
কেনেবাকৈ দিয়াবি। এণ্ড্ৰুজ চাহাবে আইৰ আঙঠি এটাৰে
সৰুতে মোক এই ৰূপৰ হাৰডাল গঢ়াই দিছিল; ক্রুছ এডাল
ইয়াতে লগোৱা আছে। মিছনৰ স্কুল এৰাৰ পৰা এই ডাল মই
পিন্ধা নাই। ক্রুছ ডাল ডিঙিত থাকিলে বোলে বেয়া কাম
কৰিব নোৱাৰি; আজিৰ পৰা এই ডালৰ মোৰ দৰ্কাৰ নাই-
পাদুৰিৰ বস্তু পাদুৰিক দিবি। লখুৰ হাততে পঠালোহেঁতেন ;
পিছে, ঘৰ এবাৰ কথা গম পালে - সি ৰাতি-দিন মোক পহৰা
দিলেহেঁতেন।” ক্ষন্তেক ৰৈ চনিয়াই কিবা ভাবিলে —লখুব
কথা। চনিয়াৰ চকুৰ পৰা জৰ-জৰকৈ চকু-পানী ওলাল —পুৱাৰ
নিয়ৰৰ দৰে শীতল, নিৰ্ম্মল ।
অধিক সময় অপেক্ষা কৰিলে মমতা বাঢ়িব, যাত্ৰাৰ সংকল্প শিথিল হব, তাকে ভাবি চনিয়াই চকুৰ পানী টুকি টুকি থোকাথুকি মাতেৰে কলে, “মই যাওঁ; তোৰ মৰম জীৱাই থাকোঁমানে মনত পৰিব।”
নৰেশ্বৰে বুজিলে, চনিয়াৰ মূৰৰ বিকাৰ; তাই নিজৰ অৱস্থাত নাই; ৰাতি বাগিছাৰ মাজে মাজে বলিয়াৰ দৰে ঘূৰি, পুৱা প্রকৃতিস্থ হৈ ঘৰলৈ ঘূৰি আহিব। অকলে অকলে ৰাতিখননো তাই যাব কলৈ ? কি কৰিব নকৰিব ভাবি-চিন্তি থাকোতেই
অকস্মাত ৰাতিৰ গহীন আন্ধাৰত চনিয়া হেৰাই গল ।
৩৪৩