সেউজী পাতৰ কাহিনী
—কোনো মানুহৰ সা-সঁহাৰি নাই ৷ লাহে লাহে তাই নৰেশ্বৰ থকা ঘৰটোৰ কাষ ওলালগৈ ; বঙলাৰ পিনে যোৱা ঘাই বাটটো এৰি, বেৰাৰ চুকৰ মেটোৰ অহা-যোৱা কৰা বাটটোয়েদি নৰেশ্বৰৰ কোঠাৰ পিছপিনৰ খিড়িকিত টুকুৰিয়ালে। এবাৰ লাহেকৈ টুকুৰিয়ালে—কোনো সাৰসুৰ নাই ; আকৌ জোৰৰে টুকুৰিয়ালে । খিড়িকি মুকলি হল। মাজৰাতিখন চনিয়াক তাৰ খিড়িকিৰ সমুখত দেখি নৰেশ্বৰ বিস্ময়ত অভিভূত হল। চনিয়াই ঠাৰে-চিঞাবে নৰেশ্বৰক তাইৰ পিছ লবলৈ কৈ সাউত- কৰে বাটলৈ ওলাই গল। নৰেশ্বৰে দুৱাৰ নেমেলিলে; খিৰিকিয়েদিয়েই জাপ মাৰি ওলাল ৷ বঙলাৰ মুখৰ বহল বাটটো এৰি চাহৰ পাহীৰ মাজে মাজে লুংলুঙীয়া বাটটোৱেদি দুয়ো পাভৈজানৰ পিনে খোজ ললে ; চনিয়া আগত, নৰেশ্বৰ পিছত। আগে আগে যোৱা চনিয়াই দুখোজমান পিছুৱাই নৰেশ্বৰৰ কাষ চাপি সুধিলে,
“তোক মই প্ৰথমে এইখিনিতে লগ পাইছিলোঁ, নহয় ?”
“মাজ নিশাখন তাকে কবলৈ ইয়ালৈ আহিছ ?” আচৰিত হৈ নৰেশ্বৰে উত্তৰ দিলে।
“তোৰ ভয় লাগিছেনে কি ?” চনিয়াৰ কথাত পৰিহাসৰ সুৰ।
“হাঁহিছ? চকীদাৰে দেখাহেঁতেন ?”
“তোৰ লগত মই পাপ কাম কৰিবলৈ আহিছোঁ বুলি ভাবিলেহেঁতেন !”৩৩৯