সেউজী পাতৰ কাহিনী
বিৰাট বিগ্ৰহৰ দৰে সমুখতে বুঢ়া নিমগছ জোপা; নিম
পুলিটো মাক মহুৱাই ৰোৱা বুলি বুঢ়া-বুঢ়ীয়ে কোৱা-মেলা কৰে।
সংসাৰৰ দুখ-বেজাৰত জৰ্জ্জৰিত হৈ চনিয়াই এই নিমজোপাৰ
তলতে লখুহঁতৰ লগত নিমগুটিৰে খলিগুটিও খেলিছিল। এই
কাৰণে তিতা নিমপাতো তাইৰ জিভাত মিঠা নিমজোপাৰ
পাত কেইটামান ভাজিয়েই শুদা ভাতো তৃপ্তিৰে খায়। এই
নিমৰ পাত চোৱায়ে সৰুৰেপৰা কত অসুখ তাইৰ ভাল হৈছে।
এবাৰ গোটেই গা খুদ-খহুৰে ভৰি পৰিছিল; নিমপাত
বাতি লগাওঁতে ৰাতিৰ ভিতৰতে শুকাই চৰচৰিয়া পৰিল।
লাইনৰ আই পূজাত মানুহে এই নিমৰে পাত নি লগায়।
কোনোবাই বেমাৰ আজাৰত নিমজোপাৰ ছাল এৰুৱাবলৈকো
আহে; চনিয়াই নিদিয়ে। নিমজোপাৰ গাত চনিয়া
আধানমান পৰ আওজিলে; গছজোপাৰ খহটা ছালত হাত
ফুৰাওঁতে তাইৰ দুই চকুয়েদি জৰজৰকৈ বৈ যোৱা
চকুপানী নিমজোপাৰ গুৰিত পৰিলগৈ। মৃদু বতাহ এজাকে
গজজোপাৰ পাত লৰাই দিলে; জিৰজিৰকৈ দুই চাৰিটা পাত
তাইৰ মূৰত পৰিল। গাত পৰা পাত এখিলা হাতেৰে
খেপিয়াই চোবালে। মধুৰ স্মৃতিৰ লগত মিহলি হৈ তিতা
পাত মিঠা মিঠা লাগিল।
কঁকালত আতি বন্ধা শাৰীৰ আগটোৰে চকু মছি চনিয়া বাটলৈ ওলাল। বাটত কোনোবা মানুহ আছেনে নাই আগপিনে পিছপিনে ঘূৰি ঘূৰি চালে। ক্ষীণ জোনৰ পোহৰ
৩৩৮