সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


 “লখু নাই নহয় : তোৰ আজি ৰাতি সুবিধাই হৈছে।” চনিয়াৰ চকুয়ে মুখে পৰিহাসৰ হাঁহি।

 “তহঁতৰ লখু থাকিল নেথাকিল মোৰ কি হল? লখুক লৈ তয়ে থাক গৈ।” বাদানুবাদলৈ অপেক্ষা নকৰি ৰাধু ভোৰ-ভোৰাই আঁতৰি গল।

 ছিঙা ঠাল-পাতখিনি জুকিয়াই চনিয়াই ভয় দেখুৱাৰ স্বৰত উত্তৰ দিলে, “বাৰু, লখু আহিলেই কম—তইনো কাৰ লগত ওলাই গৈছিলি।”

 উৰিফুৰা পাতল মেঘ ডোখৰ স্তব্ধ হোৱাৰ দৰে চনিয়াৰ কথাত ৰাধু ক্ষন্তেক ৰৈ গ'ল; ভয় আশঙ্কাত তাই চনিয়ালৈ ঘূৰি চালে—চনিয়াই ঘটাব নোৱাৰা অঘটন একোৱেই নাই! চনিয়াব মূৰ্ত্তিটো ইতিমধ্যে অন্ধকাৰত চিনিব নোৱাৰা হল। লুইতৰ পাৰৰ নল খাগৰিৰ দৰে বিপদৰ মৃদু-কঁপনিতে তিৰোতা হালে জালে—কিন্তু ধুমুহাত হলে উভলি নপৰে। বেঙৰ দৰে জাপমাৰি ৰৈ ৰৈ চনিয়ালৈ ঘূৰি চাই চাই ৰাধু ঘৰ সোমালগৈ।

 লখুৰ মাক ৰান্ধনীঘৰত ব্যস্ত; জিতেৰী মাকৰ কাষতে; দুখু টিপুও ওলাই গৈছে। পিৰালিতে শিয়ালটোৰ দৰে জোপ লৈ বুঢ়া ককাকে চনিয়াক দেখি সুধিলে, “কলৈ গৈছিলি?” “ছাগলীজনীলৈ কঠালপাত আনিলোঁ।” উত্তৰৰ লগে লগে চোতালৰ সোঁকাষৰ টিনপাতৰ ছালিখনৰ তলত বান্ধি থোৱা ছাগলীজনীৰ কাষ পালে। চনিয়াৰ ভৰিৰ সঁহাৰি পায়ে

ছাগলীজনীয়ে বেবাবলৈ ললে; চনিয়াই মুখত কঠালপাত

৩৩৪