সেউজী পাতৰ কাহিনী
নাই আনন্দ, নাই উৎসাহ। অন্যায়ৰ বিপক্ষে যুঁজি নিজক প্ৰতিষ্ঠা কৰাতহে জীৱনৰ সাৰ্থকতা।” মহাভাৰতীয় উপদেশৰ সুৰত দেৱেশ্বৰে কলে ।
“সার্থকতা প্রমাণ কৰিবলৈ যাওঁতেই দেখোন জীৱন অন্ত হয় হয়।”
“আজি নহয় কালিলৈ জীৱন শেষ হবই; তাবে ভয়তে ধৰ্ম্ম কৰ্ম্ম নকৰি হাত সাবটি বহি থাকিবানে ? মানুহলৈ ভয় নকৰি ঈশ্বৰত আস্থা কৰি স্বধৰ্ম্ম পালন কৰি যোৱা ।”
“লাহে লাহে ঈশ্বৰত বিশ্বাস হেৰাই হেৰাই হেন দেখিছে।।” কথাত উদাস উদাস ভাব ।
“ওহোঁ ওহোঁ,” মূৰটো লৰাই কঠোৰভাৱে দেৱেশ্বৰে উত্তৰ দিলে, “ঈশ্বৰত বিশ্বাস হেবালে জীৱন দুৰ্ব্বহ হব; সমাজৰ বান্ধোন মষিমূৰ হব । ঈশ্ববত ভয় আৰু ভক্তি—এয়ে আমাক আৰু আমাৰ সমাজক জীয়াই ৰাখিছে। ঈশ্বৰক ভয় কৰোঁ দেখিয়েই আমাৰ পাপ কাৰ্য্যলৈ ভয়; তেওঁক ভক্তি কৰোঁ দেখিয়েই পিতৃ-মাতৃ গুৰুজনক ভক্তি করে। ; তেওঁত আস্থা আছে দেখিয়েই ভবিষ্যতত আশা ৰাখিছোঁ— সেই ভবিষ্যত তেহেলৈ ইহকালতেই আহক নাইবা পরকালতেই আহক। ঈশ্বৰত বিশ্বাস হেৰুৱালে জীৱনত আশ্ৰয় তবণী নোহোৱা হব।” নবেনে অখণ্ড মনোযোগেবে শুনি হতাশেৰে উত্তৰ দিলে, — “কি কৰিম ? মানুহৰ মিছা অপবাদত মন-প্রাণ জৰ্জৰিত হৈছে। গাৱৰ বহু উন্নতি সাধনৰ সংকল্প লৈ চহৰৰপৰা
২৮