সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

নাই আনন্দ, নাই উৎসাহ। অন্যায়ৰ বিপক্ষে যুঁজি নিজক প্ৰতিষ্ঠা কৰাতহে জীৱনৰ সাৰ্থকতা।” মহাভাৰতীয় উপদেশৰ সুৰত দেৱেশ্বৰে কলে।

 “সাৰ্থকতা প্ৰমাণ কৰিবলৈ যাওঁতেই দেখোন জীৱন অন্ত হয় হয়।”

 “আজি নহয় কালিলৈ জীৱন শেষ হবই; তাৰে ভয়তে ধৰ্ম্ম কৰ্ম্ম নকৰি হাত সাবটি বহি থাকিবানে? মানুহলৈ ভয় নকৰি ঈশ্বৰত আস্থা কৰি স্বধৰ্ম্ম পালন কৰি যোৱা।”

 “লাহে লাহে ঈশ্বৰত বিশ্বাস হেৰাই হেৰাই হেন দেখিছোঁ।” কথাত উদাস উদাস ভাব।

 “ওহোঁ ওহোঁ,” মূৰটো লৰাই কঠোৰভাৱে দেৱেশ্বৰে উত্তৰ দিলে, “ঈশ্বৰত বিশ্বাস হেৰালে জীৱন দুৰ্ব্বহ হব; সমাজৰ বান্ধোন মষিমূৰ হব। ঈশ্বৰত ভয় আৰু ভক্তি—এয়ে আমাক আৰু আমাৰ সমাজক জীয়াই ৰাখিছে। ঈশ্বৰক ভয় কৰোঁ দেখিয়েই আমাৰ পাপ কাৰ্য্যলৈ ভয়; তেওঁক ভক্তি কৰোঁ দেখিয়েই পিতৃ-মাতৃ গুৰুজনক ভক্তি কৰোঁ; তেওঁত আস্থা আছে দেখিয়েই ভবিষ্যতত আশা ৰাখিছোঁ— সেই ভবিষ্যত তেহেলৈ ইহকালতেই আহক নাইবা পৰকালতেই আহক। ঈশ্বৰত বিশ্বাস হেৰুৱালে জীৱনত আশ্ৰয় তৰণী নোহোৱা হব।”

 নৰেনে অখণ্ড মনোযোগেৰে শুনি হতাশেৰে উত্তৰ দিলে,—“কি কৰিম? মানুহৰ মিছা অপবাদত মন-প্ৰাণ জৰ্জ্জৰিত হৈছে। গাৱৰ বহু উন্নতি সাধনৰ সংকল্প লৈ চহৰৰপৰা

২৮