সেউজী পাতৰ কাহিনী
পানী ভৰোৱা, তিৰোতাৰ হাতত ধন সঁচা, সমান কথা; বুঢ়াৰ দীঘল জীৱনৰ অভিজ্ঞতা। বয়সৰ লগে লগেহে সকলো পুৰুষেই নিজৰ তিৰোতাক বুজিবলৈ সক্ষম হয়।
কঁক্ কঁক্ শব্দ শুনি ৰাধুৰ মাকে উখল-মাখলকৈ চোতাললৈ আহি তৃপ্তিৰে কুকুৰাহাল চাই হাতত তুলি ললে—ওজন অনুমান কৰিবলৈ।
“ঘৰৰ?”
“কত ঘৰৰ পাবি? লখুৱে কৰবাৰ পৰা বিচাৰি-খোচাৰি কিনি আনিছে।” ঘৰৰ বস্তুৰ দাম নাই—চনিয়াই জানে।
“লখু নিজে নাহিল কিয়?” বুঢ়ীৰ মৰম মিহলি প্ৰশ্ন।
“সি লৰীত জাহাজঘাটলৈ গ'ল।”
“হয়, হয়; আজি চাহপাত গৈছে। এইবাৰ চাহপাতহে চাহপাত! ৰাতি-দিন কলঘৰ চলিছে।” হোকাত টানকৈ হোপা মাৰি বুঢ়াই শলাগিলে।
“এই ৰাধু, ৰাধু”, মনৰ সন্তোষেৰে বুঢ়ীয়ে মাতিলে—লখুয়ে পঠোৱা মুৰ্গী দুটা দেখুৱাবলৈ। কোনো উত্তৰ নেপাই বুঢ়ীয়ে নিজে নিজেই কলে, “ছোৱালী ছাগলী একে; য'ত বিচৰা ত’ত পাবলৈ নাই।”
অনাহকত অশান্তিৰ সৃষ্টি হব বুলি চনিয়াই মাত দিলে, “ৰাধু নাই হবলা; থওক দে। মই যাওঁহে। আমাৰ বুঢ়াই এদিন আহি কথা-বতৰা ঠিক কৰিব।” চনিয়া যাবলৈ
উঠিল।
৩৩২