সেউজী পাতৰ কাহিনী
ধৰিছিল; কাষৰ জাৰণিলৈ গৈ চৰাই পোৱালি ধৰি আনি পুহিছিল। সৰুৰেপৰা কিমান চৰাই পোৱালি দুয়োটাই নুপুহিলে? কিমান চৰাই পোৱালি তাহাঁতৰ মৰমত নমৰিল? সুখ-দুখৰ কৰুণ মধুৰ স্মৃতিৰ টুকুৰাবোৰে মনোৰম হৈ পাতল মেঘৰ দৰে অকস্মাত চনিয়াৰ অন্তৰ আকাশত অনাই-বনাই ভাহি উঠিল। চনিয়াই উপলব্ধি কৰিলে— বয়সৰ লগে লগে দুয়োৰো দেহৰ পৰিবৰ্ত্তন ঘটিছে; মনৰো সলনি হৈছে; সৰু- কালৰ নিবিড় আকৰ্ষণ দুয়োৰ মাজত দিনে দিনে শিথিল হৈছে; মধুচক্ৰত মৌমাখি ঘূৰাৰ দৰে লখুৰ মন প্ৰাণ এতিয়া ৰাধুত আবদ্ধ। লখুৰ স্থিৰ মন, সহজ সৰল জীৱনৰ আকাঙ্খাৰ লগত তাইৰ অস্থিৰ আৰু সংশয়ত ভুলি থকা মনক ৰিজাই চনিয়াই নিজকে অভিশাপ দিলে। তাইৰ মনত স্থিৰতা নাই কিয়? কিয় তাই কোনো কথাতে অনাবিল আনন্দ উপভোগ কৰিব নোৱাৰে? কিয় তাইৰ নিজৰ ওপৰতে নিজৰ অভিমান? নিজৰ ওপৰতে প্ৰতিশোধ লোৱাৰ কিয় তাইৰ অসংবৰণীয় আকাঙ্খা? বিদ্ৰোহ বিক্ষোভ তাইৰ তেজৰ কণিকাবোৰৰ লগত এক হৈ মিহলি হৈ গৈছে। নহয়, তাইৰ দেহত তেজ নাই—আছে শিৰাই শিবাই বিহৰ সোঁত।
অসংলগ্ন চিন্তাত চনিয়া উত্তেজিত হল; কিবা ভাবি ভাবি চোতালৰ কাষত থকা বুঢ়া নিমগছ জোপাৰ গুৰিলৈ গল। নিমগছৰ গুৰিৰ ধোন্দটোৰ মুখৰপৰা শুকান পাতবোৰ
উলিয়ালে; ধোন্দটোত হাত সুমুৱাই তাৰ ভিতৰৰপৰা অকণ-
৩২৯