সেউজী পাতৰ কাহিনী
“বিয়া কৰিলে পৰ হমনে?”
“তিৰোতাক পালে মানুহে আই-বোপাই ভাই-ভনী সকলোকে পাহৰে।
“তহঁত ছোৱালীবোৰতহে সেইষাৰ খাটে। কোনোবা এটাত মন খালে তহঁতে ঘৰ ঘৰোৱাহ সকলোকে পাহৰ। নবেশ্বৰৰ লগতে কেতিয়াবা তই পলাই যাব লাগিলে, বাগিছালৈ ঘূৰি আহিবি জানো? তহঁত ছোৱালীবোৰ চৰাইৰ দৰে; গাভৰু হলি কি, এটাৰ লগত ভূৰুংকৈ উৰা মাৰিলি!” চোতালত পৰি থকা টোকোনডাল হাতত লৈ কথাত জব্দ হল ভাবি কৌতুকেৰে চনিয়ালৈ চালে।
“নৰেশ্বৰৰ লগত পলাই যাম বুলি তোক কলে কোনে?” খং অভিমানত চনিয়াই প্ৰশ্ন কৰিলে।
অলপ পৰ চনিয়াৰ মুখলৈ চাই লখুয়ে কলে, “বুজিছ চনিয়া, নবেশ্বৰ ভাল লৰা; তাক বিয়া কৰিলে সুখীয়েই হবি।” উত্তৰ স্নেহ-মিশ্ৰিত।
“ভাল মানুহ হল বুলিয়েই বিয়া কৰাবলৈ যাম কিয়? চ ভাল বস্তু জানো আমি পাবলৈ বিচাৰো? আকাশৰ জোনটো —তাৰ পোহৰহে ভাল পাওঁ, জোনটো কোনোবাই কোলাত পাবলৈ বিচাৰেনে?”
“কথাত তোক মই কেনেকৈ বলে পাৰিম? এণ্ডুজ চাহাবৰ লগত থাকি তই বহুত কথা শিকিলি। বাবু-মহৰী-
বোৰেও তোৰ কথা বুজিবলৈ টান পায়।” হাতৰ চাধাকণ
৩২৬