উনৈছ
চাহৰ বাকচ বোজাই দিবলৈ লখু জাহাজ ঘাটলৈ ওলাইছে; ৰাতি জাহাজ ঘাটতে থাকি পিছদিনা পুৱা জাহাজত মাল বোঝাই দি আবেলিহে উভতিব। চনিয়া পিছ বেলা পাত তুলিবলৈ যোৱা নাই; লখুৰ জা-জলপানৰ দিহা কৰিছে। সৰহকৈ কেচা জলকীয়া দি ভজা পানী-পিঠা লখুৰ বৰ প্ৰিয়। পানী-পিঠা কেইখন গৰমে গৰমে ভাজি চনিয়াই কলপাতেৰে মেৰালে; লগতে ছিৰা গুড় অলপমানৰ টোপোলা এটা কৰি গামোচাত বান্ধি লখুৰ কাষত থলেহি। লখুয়ে লাক-পাককৈ চাদৰখনৰে মূৰত পাগ এটা মাৰিছে। চনিয়াই আকৌ ভিতৰ সোমাই তামোল দুখনমান চাধাপাত এটা আনি লখুৰ হাতত দি কলে, “হো ল’।"
“আজি দেখোন তোৰ মন ভাল; চিঞৰ বাখৰ নকৰোঁতেই সকলো হাতে হাতে যোগাইছ।” পাগটো বন্ধা শেষ কৰি সোঁ-হাতখন আগবঢ়ালে।
“তোক বেছি দিন আল ধৰিবলৈ নেপাম নহয়?” দুষ্টালি হাঁহিৰে লখুলৈ চালে।
“কিয়?” তামোল কেইখন, চাধাপাতটো নুৰিয়াই কামিজৰ জেপত সুমুৱাবলৈ খপ্-জপাই সুধিলে।
“ৰাধুক আনিলে তই জানো আমাৰ আপোন হৈ থাকিবি?” প্ৰশ্নত কৃত্ৰিম কপটতা।
৩২৫