সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী


“তোৰ বুকু শুকান; কেচুৱাই চুহিলে তাত কি দুধ পাব?” ছোৱালীৰ অন্তৰত মাতৃস্নেহ ভূমিষ্ঠ হোৱাৰ লগে লগেই জন্মে। মাক নৌ হওঁতেই সাবিত্ৰীয়ে মাকৰ মৰমেৰে মাত দিলে।

 “মাকে খাবলৈ পালেহে বুকুত গাখীৰ হব!” তিলকমতিয়ে সমিধান দিলে।

 “মতা-তিৰোতা দুটাৰ পইচাৰে দেখোন দুসাজ খাবলৈ নোজোৰে।” . কেচুৱাৰ কান্দোন বন্ধ নোহোৱাত পানী-চাহ পিবলৈ সোহাগী উঠি গল; পানী-চাহ পিলে কিজানি বুকুত গাখীৰ গোট খায়ে।

 নৰেশ্বৰ চনিয়া দুয়োৰো মুখত কিছু সময় কোনো কথা নাই; হঠাতে নৰেশ্বৰলৈ আশ্বাসৰ হাঁহি মাৰি সাবিত্ৰীহঁতৰ জুমলৈ তাই লৰ দিলে। নৰেশ্বৰৰ লগত চনিয়াৰ ভবিষ্যত সুখৰ জীৱন কল্পনা কৰি চাৰিও পিনৰ তিৰোতাসকলে উৰি অহা পখিলাজনীলৈ আনন্দ-ঈৰ্ষা মিহলি চকুৰে চালে। উপাৰ্জ্জনক্ষম স্বামী পাবলৈ সকলো গাভৰুৰে আকাঙ্ক্ষা।

 শৈশৱৰপৰা নৰেশ্বৰ মাকৰ বুকুৰ উমৰ পৰা বঞ্চিত। আশ্ৰয়হীন মেঘৰ দৰে উন্মনা হৈ সি চাহ গছৰ মাজে মাজে

সেউজী মৰম বিচাৰি ফুৰিলে।

৩২৪