সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

লেতেৰা ছোৱালী বিয়া কৰাই জীৱন অসুখী নকৰিবি। মোক বিয়া কৰোৱা কথা মনলৈ নানিবি।”

 কথাষাৰ কৈ চনিয়া হঠাতে আচৰিতভাবে গহীন হল; বৰষুণৰ পূৰ্ব্বৰ আকাশৰ গোমোঠা গাম্ভীৰ্য্য।

 “চনিয়া, মোক আন ছোৱালী বিয়া কৰোৱাৰ কথা কৈ বেজাৰ নিদিবি, তোৰ বাহিৰে আনক বিয়া কৰোৱা মই ভাবিবই নোৱাৰোঁ। বাৰু, আজিয়েই তই মোক মত দিব নেলাগে। মই বাট চাম।” চনিয়াৰ মনটো সদায় ডোলনাত ডুলি থাকে, অস্থিৰ; নৰেশ্বৰে বুজে। ভুকুতে কলটো নপকে —সংসাৰত সকলো কাৰ্য্যতে ধৈৰ্য্যৰ প্ৰয়োজন—সেই কথাও নৰেশ্বৰে বুজে। আকাশৰ নক্ষত্ৰৰ দৰে মানুহৰ ভাগ্য নাৰীয়ে নিৰ্ণয়ো কৰে, উজ্জ্বলো কৰে। ভবিষ্যতৰ বিশ্বাসত নৰেশ্বৰৰ ম্লান পৰি যাব খোজা মনটো পুনৰ উৎফুল্ল হৈ পৰিল।

 চাহ গছৰ পাহীৰ মাজত টুকুৰি এৰি থৈ দুপৰীয়াৰ জিৰণিৰ কাৰণে এজনী দুজনীকৈ তিৰোতাই ছাঁ দিয়া গছৰ তলত জুম পাতি বহিছিল। সোহাগীৰ বুকুত বন্ধা কেচুৱাই সোঁফালৰ স্তনৰ পৰা মুখ এৰুৱাই চিঞৰিলে; সোহাগীয়ে কেচুৱাৰ মূৰটো হেচুকি বাওঁ পিনৰটোত মুখ লগাই দিলে। দোচোহামান মাৰি কেচুৱাই আকৌ প্যেঁ-প্যেঁকে কান্দিলে— নৱজাত শিশুৰহে যেন প্ৰথম কান্দোন। লগৰীহঁতৰ লগত কথা পতাত ব্যাঘাত জন্মাত লৰাটোৰ পিঠিখনত টানকৈ ঢকা এটা মাৰি সোহাগীয়ে কলে,

“এইডালে খাবলৈ পালেও চিঞৰে।”

৩২৩