সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

কৰা তই জানো দেখিছ? তোৰ বাহিৰে অন্য ছোৱালীক ম‍ই ভাল পাবই নোৱাৰোঁ।”

 নিজৰ মুঠিৰ মাজত চনিয়াৰ হাতটো সুমুৱাই নৰেশ্বৰে তাৰ মাজতে সম্মতি বিচাৰিলে।

 চনিয়াৰ মুখত কথা নাই।

 “চনিয়া, তই অমত নহবি; তোৰ মত পাবলৈ মোৰ মনটোয়ে চট্‌ফটাই আছে; খাব-শুব নোৱাৰি অশান্তিত আছো। মোক বেজাৰ নিদিবি।” শোকাৰ্ত্ত সুৰত কথাষাৰ কৈ নিজৰ অজ্ঞাতসাৰেই চনিয়াৰ হাতখনত টানকৈ টিপা মাৰিলে।

 “উস্ উস্ কি কৰ, কি কৰ?” চনিয়াই চিঞৰিলে; তাইৰ দুই চকুয়েদি চকুলো বাগৰি গল। এৰো নেৰোকৈ হাতখন এৰি মুখখন চনিয়াৰ সমুখলৈ নি নৰেশ্বৰে সুধিলে, “দুখ পালি?”

 মুখৰ হাঁহিৰে চকুৰ পানী ঢাকিবলৈ চল কৰি চনিয়াই উত্তৰ দিলে, “হাতত দুখ দিয়া নাই; দুখ দিলি বুকুতহে।” কথাত কান্দো কান্দো সুৰ; সেই কান্দোনতে মনোৰম কাহিনী।

 “মোক ভাল নেপাৱ?” নৰেশ্বৰৰ প্ৰশ্নত আশা-ব্যৰ্থৰ বিহ্বলতা।

 “তোক ভাল পাওঁ দেখিয়েই তোৰ ভালৰ কাৰণে বিয়া কৰিবলৈ অমত হৈছোঁ।” এইবাৰ নিজেই নৰেশ্বৰৰ হাতখন হাত ফুৰাই অনুনয়ৰ সুৰত কলে, “নৰেশ্বৰ, তই গাৱলৈ ঘূৰি

যা; গাৱঁৰে ছোৱালী বিয়া কৰাই ঘৰ-সংসাৰ পাতগৈ। বাগিছাৰ

৩২২