সেউজী পাতৰ কাহিনী
তোৰ কুণ্ড্ৰু কেৰেলা (বন্ধু )
চাহ গছৰ মাজত লুকাল
হিয়া তোৰ কুদুৰ কুদুৰ ( উগুল-গুগুল )
আহ, আহ, বিচাৰ বিচাৰ।
গীতৰ লগে লগে মূৰৰ টুকুৰি নচুৱাই নচুৱাই সাবিত্ৰী সোহাগী তিলকমতি পুনৰ ডাল-পাত কঢ়িয়াবলৈ আঁতৰি গল। নৰেশ্বৰে থিয় হৈ গা-মূৰৰপৰা কেচা চাহপাতবোৰ জোকাৰিলে। চনিয়াই ইতিমধ্যে ওচৰ চাপি নৰেশ্বৰলৈ চাই হাঁহিলে। “ৰ, ৰ গালত ৰঙা পৰুৱা বগাইছে; এতিয়াই গাল ডমলাডমল কৰিলেহেঁতেন।” লৰালৰিকৈ নৰেশ্বৰৰ গালৰপৰা পৰুৱাটো নিজৰ হাতেৰে এচাৰ মাৰি মাটীলৈ দলিয়াই দি কলে –“বল্, বল্ দূৰলৈ যাওঁ; সাবিত্ৰীহঁতে এইবাৰ টুকুৰি দুয়োৰে মূৰত জাপিবহি।”
নৰেশ্বৰে সাবিত্ৰীৰ স্বভাৱ বুজে; তাই লুকাভাকু খেলে সকলোৰে লগত—কিন্তু তাইক কোনেও চুব নোৱাৰে। সাবিত্ৰীয়ে আকৌ কি অথন্তৰ ঘটায়, ঠিক নাই; নৰেশ্বৰে নৰৈ চনিয়াৰ পিছে পিছে খোজ ললে। চাহ গছৰ পাহীৰ মাজত কাম কৰি থকা অলেখ তিৰোতাই সদায় দেখা দৃশ্য এটাকে আগত দেখি মূৰ ডাঙি চালে। চকুৰ হাঁহিৰেই চনিয়াই তাহাঁতৰ শব্দহীন প্ৰশ্নৰ উত্তৰ দি গল।
ছাঁ দিয়া জোপোহা গছ-জোপাৰ আঁৰত থমকি চনিয়াই কলে, “মোৰ পিছে পিছে তই বৰকৈ নুঘূৰিবি; চাহ গছৰো
চকু কাণ আছে--সকলো চাই আছে।”
৩২০