সেউজী পাতৰ কাহিনী
নিজে গাভৰুৰ গীতৰ বিষয় হোৱাৰ গৌৰৱত। সাবিত্ৰীহঁতৰ নিচিনা গাভৰুৰ আলোচনাৰ বিষয় হোৱাৰ সৌভাগ্য সকলো ডেকাই কল্পনা কৰে। ঈশ্বৰে মানুহক দিয়ে ৰূপ, নাৰীয়ে কৰে অপৰূপ। নৰেশ্বৰৰ মুখ মধুৰ-উজ্জ্বল হল—কিছু মিছিৰিৰ দৰে মিঠা গীতত, কিছু সহজ আনন্দত আৰু কিছু নিজৰ সৌভাগ্যত। ঠাল-ঠেঙুলিৰ দমটোত কঁকালটো হেলনীয়াকৈ এৰি দি বুঢ়া চাহ পাতৰ পৰা ওলোৱা কেনেবা কেনেবা গোন্ধ লবলৈ সি দীঘল নিশ্বাস টানিলে; চকু দুটাই হেৰোৱা বস্তুৰ অন্বেষণত এৰাল নোহোৱা গৰুৰ দৰে নিৰ্লজ্জভাৱে সৰ্ব্বত্ৰ ঘূৰি ফুৰিছে। দূৰৈত চাহ গছৰ পাহীৰ মাজত চনিয়া—চাহ গছৰ ঠেঙুলিত জাল বন্ধ৷ ৰঙা মকৰাৰ বাঁহত ঔষধ ছটিয়াইছে। নৰেশ্বৰৰ দৃষ্টিয়ে গৈ গৈ সেইখিনিতে আশ্ৰয় বিচাৰিলে৷ সাবিত্ৰীহঁতৰ গীতৰ ৰৱ চৰিয়াৰ কাণতো পৰিছিল; চনিয়াই কঁকাল পোনাই তাহাঁতলৈ চালে। দমটোৰ ওচৰৰপৰা খিল্-খিল্ হাঁহিৰে সাবিত্ৰীহঁতক আঁতৰি যোৱা দেখিলে। নিশ্চয় হাঁহি উঠা ঘটনা এটা ঘটিছে। হৰিণীৰ দৰে চঞ্চল দৃষ্টিৰে ঘূৰি ঘূৰি চাই চনিয়াও হাঁহি সামৰিব নোৱাৰা হল। নৰেশ্বৰে নেদেখাকৈ দমটোৰ সিপিনৰ পৰা সাবিত্ৰীহঁতে তাৰ গাৱে মূৰে চাহ গছৰ ডাল-পাতবোৰ জিৰজিৰকৈ পেলাই দি দৌৰ মাৰিলে। সাবিত্ৰী সোহাগীয়ে এটা হাতেৰে মূৰৰ ওপৰত উদং টুকুৰিটো ধৰি আন হাতেৰে চনিয়াক হাত বাউল দি মাতি গীত গালে। গীতৰ অৰ্থ হল –