সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

দৰে চাহৰ পাহীৰ মাজত হাত-ভৰি মেলি গছবোৰ ঠাৰঙ্গা দি থিয় হৈ আছে। বাগিছাৰ হাঁহি-মুখ দিনে দিনে নিষ্প্ৰভ হৈ পৰিছে। বনুৱা মতা-তিৰোতা পূৰ্বৰ দৰে পুৱাতে বাগিছাৰ কামলৈ আহে—কিন্তু জাৰকালিৰ কঠোৰ পৰশত মানুহ প্ৰকৃতি দুয়ো নিষ্প্ৰাণ।

 চাহ গছত ডবল কোৰ মৰা কাম বেলি মূৰত উঠাৰ আগতে শেষ কৰি কিছুমান মতা সোনকালে ঘৰলৈ ওভোটে; ঘৰত কৰিবলৈ অন্য কান নথকাত আমনি লগা অলসতাৰ মাজত আবেলিটো উচ্পিচাই কটায়। একে লেঠাৰীয়ে ছমাহতকৈ অধিক দিন তিৰোতাৰ কোমল আঙুলিৰ মৰম পোৱা চাহ গছত মুনিহৰ নিৰ্ম্মম অত্যাচাৰ আৰম্ভ হৈছে। ক্ষুৰধাৰী চকচকীয়া হাঁকোটা কটাৰীৰে শাৰী পাতি থকা পূজাৰ বলিৰহে যেন মুব খচ্‌খচ্‌কৈ কাটিছে। বাৰ্দ্ধক্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ বুঢ়া গছবোৰক মূলৰ সৈতে উঘালি পেলোৱা হৈছে। চাৰিওপিনে নীৰস নিকৰুণ বেদনাদায়ক পৰিবেশ।

 চুঙা হেন বেত টুকুৰিত কাটি পেলোৱা ঠানিবোৰ ভৰাই তিৰোতাবোৰে বাগিছাৰ একাষত দ'ল বান্ধিছে; লৰী গাৰীয়ে তাৰ পৰাই সেই আবৰ্জ্জনা দূৰলৈ কঢ়িয়াব। দুপৰীয়া মেম- চাহাবৰ কাম শেষ কবি নৰেশ্বৰ বাগিছালৈ ওলাল। পৰিচয়হীন অসংখ্য বনুৱা গুৰি পৰুৱাৰ দৰে কামত ব্যস্ত; চপা কলম কটা চিনাকী বহুৱাৰ লগত মাজে মাজে দুই চাৰি আষাৰ কথাও

পাতি গল। নৰেশ্বৰে নিৰ্দেশ নিদিলেও, সি কলৈ যাব

৩১৭