সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

 “বগী ছোৱালী কলী গাভৰুৰ জোৰৰ হৱনে নহৱ তাকেহে চাইছোঁ।” কথাষাৰ কৈ নৰেশ্বৰ নিজৰ ঠাইতে পোন হৈ বহিল।

 “কলী কেইজনী এৰি বগী জনীৰ পিছতে বলিয়া হলি দেখোন?” চুঙা চাই সোপা দিয়া বিধৰ উত্তৰ দিয়াৰ গৌৰবত চনিয়াই আপোনা-আপুনি সন্তোষ লভিলে।

 কলা-কৌশলৰ খেলা অন্ত হোৱাত গাভৰু কেইজনীয়ে খপ্‌খপকৈ ফৈৰ জখলাইদি নামি তিনিও জালখনৰ ওপৰত থিয় হ’ল। দৰ্শকৰ কৰতালি গ্ৰহণ কৰি জালৰপৰা মাটিলৈ জপিয়াই কাপোৰৰ বেৰ ঠেলি খেলোৱাৰৰ দৰে ভিতৰলৈ লৰ ধৰিলে।

 এইবাৰ মেনেজাৰে আহি ঘোঁৰাৰ খেল দেখুৱালে তাৰ পিছত দুটা গৰালত ভৰাই বাঘ-বাঘিনী হালক মঞ্চলৈ অনা হল। এটাৰ গৰালৰ দুৱাৰ মুকলি কৰি মেনেজাৰে দীঘল চেকনি এডালেৰে বাঘটোক খুচিলে; দ্বিতীয় বাৰৰ খোচত সি মূৰ উফাল মাৰি গোঁজৰিলে। আকৌ এবাৰ দুখ পোৱাকৈ খোচাত হাৱৰিয়াই হাৱৰিয়াই গৰালৰপৰা ওলাই বাঘ মেনেজাৰৰ গাত জপিয়াই পৰিল। ভয়-আতঙ্কত চাৰিওপিনে হৈ-চৈ লাগিল। অত্ৰাহি হৈ চিঞৰ মাৰি বহা ঠাইৰপৰা ৰাধু জাপমাৰি একেবাৰে কাষতে বহি থকা নৰেশ্বৰৰ কোলাত পৰিলহি। নৰেশ্বৰে আঠু দুটা বহলাই মূৰটো পিচলৈ হলাই চৰাইৰ বাঁহৰ দৰে তাৰ উম সনা কোলাত অজ্ঞাতসাৰেই ৰাধুক আশ্ৰয় দিলে। ৰাধুৰ ওখ-বহল খোপাটোৱে চকু মুখ ঢাকি ধৰাত সমুখৰ চাৰ্কাচ

৩১৪