সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

তন্ময়তা ভাঙিল। অকস্মাতে মধুৰ সপোন ভাঙাত উদাস চাহনিৰে চনিয়ালৈ চালে। নিজ হাতৰ ভজা বুটমাহ কেইটামান নৰেশ্বৰৰ হাতৰ তলুৱাত গুজি তাৰ কাণত মুখখন লগাই চনিয়াই সুধিলে, “চাৰ্কাচ চাইছনে, ছোৱালী চাইছ?” নৰেশ্বৰে একো নেমাতি ওপৰলৈ মূৰ ডাঙিলে। অসাৰ হৈ পৰা নৰেশ্বৰৰ কাণ আকৰ্ষণ কৰিবলৈ তাৰ গাত কুটকুটাই চনিয়াই কলে, “একেবাবে ভোল গলি দেখোন? বিয়া কৰাবিনে কি?” ধুনীয়া গাভৰু দেখিলেই ডেকা লৰাই বিয়াৰ সপোন দেখে—চনিয়াই ভাবিলে।

 মূৰ এফলীয়া কৰি নৰেশ্বৰে লাজত চনিয়ালৈ চালে।

 চনিয়াই পুনৰ কলে, “বল, দুয়ো চাৰ্কাচত সোমাওঁ।”

 “আকাশত পৰীৰ দৰে তই নাচিব পাৰিবি?”

 “কিয় নোৱাৰিম? তাহাতকৈ ভালকৈ নাচিম।” হাতৰ বুটমাহ কেইটা মুখলৈ গলিয়াই উত্তৰ দিলে।

 চনিয়াৰ দেহলৈ নৰেশ্বৰে পুলিচৰ দৃষ্টিৰে চালে। চনিয়াৰ গাত সাধাৰণ ৰঙা শাৰী এখন; নিজক ধুনীয়া কৰিবলৈ তাইৰ কোনো আড়ম্বৰ নাই; মোৱা মাছৰ দৰে তাইৰ মৰম লগা মুখৰ এটি সুকীয়া কমনীয়তা সি লক্ষ্য কৰিলে; চনিয়াৰ চকুত কোনো মাদকতা নাই, আছে উদাসীনতা।

 নৰেশ্বৰৰ থিৰ চাহনিত চনিয়াই অস্বস্তি বোধ কৰি কলে, “বৰকৈ চাইছ দেখোন; তই মোক প্ৰথম আজিহে দেখিছনে কি?”

৩১৩