সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

ঘাম নিগৰিল–ফুলৰ পাপৰিৰপৰা খহি পৰা পুৱাৰ নিয়ৰৰ টোপালৰ দৰে। শিৰৰ দীঘল ফোঁটৰ সেন্দুৰ ঘামৰ লগত বিয়পি পৰাত প্ৰথম সন্তানৱতী দসোদাৰ মুখখন দুপৰীয়াৰ সূৰ্য্যৰ দৰে উজ্জ্বল হল। বাঁহীৰ সুৰ লাহে লাহে নামিল। ঘুঙুৰৰ জুমুৰ জুমুৰ ধ্বনি ক্ৰমশ অৱশ হৈ হঠাতে স্তব্ধ হল; বেশবল জিলিৰ জি-জি মৃদু গুঞ্জণত। নাচৰ শেহত ইজনীয়ে সিজনীৰ কাপোৰ আজোৰা-আজুৰি কৰি ঢলি ঢলি হাঁহি বহিল। কাৰো দেহমনত অৱসাদ ক্লান্তি নাই—আছে জীৱনৰ অফুৰন্ত উৎসাহ, প্ৰাণশক্তিৰ প্ৰাচুৰ্য্য।

 হাঁহি-ধেমালি কথা-বতৰাৰ মাজত চনিয়াই চাৰ্কাচ চোৱাৰ কথা উলিয়ালে; লখু আৰু ৰাধুয়েও আনন্দৰে সন্মতি জনালে। আবেলি হওঁ হওঁ, জেঠমহীয়া বেলিটোৰ উত্তাপ শাম কটা নাই এথোন। সন্ধিয়াৰ আগতে উভটি ঘৰত কৰিবগৈ কি? ঘৰলৈ গলেই অভাৱ অনাটনৰ এশ এটা চিন্তাই জুমুৰি দি ধৰিব। ঘৰ মাথো ৰাতিৰ জিৰণিৰ নিমিত্তে; ঈশ্বৰে দিয়া পোহৰ উপভোগ নকৰি কাৰ ভয়ত ফেঁচাৰ দৰে বেলি থাকোতেই আন্ধাৰ বাঁহত সোমাবলৈ যাব? মেলখাই যোৱা খোপাটো টানকৈ বান্ধি ৰাধুয়ে যাবলৈ উদ্যোগ কৰিলে; খোপাৰ পৰা সৰিপৰা গুলঞ্চ পাহী লখুয়ে ৰাধুৰ খোপাত গুজি দিলে। সুকুমণিয়ে বন এডাল উঘালি দাতৰ গুৰি খৰকিয়াইছিল; দেৱতাৰ পাদপীঠত অৰ্পণ কৰা পুষ্পতকৈ ৰাধুৰ খোপাত লখুয়ে পিন্ধোৱা ফুলপাহী

তাইৰ চকুত অধিক সুন্দৰ লাগিল। সেয়েহে ৰাধুৰ সৌভাগ্যত

৩০৭