সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

মধুৰ ধ্বনি মিহলি হল; দুপৰীয়াৰ জিলিৰ সঙ্গীতমধুৰ জি-জিৰবো তাৰ লগতে মিলি গ’ল। নাচৰ লগে লগে নিজৰ ভাষাত গোৱা গীতৰ কথা স্পষ্ট হল—

হে চালু (সখী) ঘূৰি ঘূৰি নাচা
হে প্ৰিয়ে, আগলৈ পিছলৈ নাচা
হে চালু, আহঁতৰ পাতৰ দৰে ঘূৰি ঘূৰি নাচা।
হে বন্ধু, বৰ গছৰ পাতৰ দৰে
ফিৰ্ ফিৰ্ বতাহত নাচা
হে সখী, আহঁত গছৰ
কিমান চিকুণ পাত?
হে বন্ধু, বৰ গছৰ
কিমান পিছল পাত?
হে বন্ধু, আহঁতৰ পাত ইমান চিকুণ
জানা, তাৰ ওপৰ তেল ঢালি দিছে।
হে প্ৰিয়ে, বৰ গছৰ পিছল পাত
তাৰ ওপৰত ঘী ঢালিছে।
হে বন্ধু, ঘূৰি ঘূৰি নাচা
বতাহত বৰ গছৰ পাত কঁপাদি নাচা।

 বহুৱা তিৰোতাৰ মুখত ঈশ্বৰে কথা দিয়া নাই, দিছে মইনাৰ মাত; ভৰিত খোজ দিয়া নাই, দিছে খঞ্জনৰ ভঙ্গি।

 দুপৰীয়াৰ ৰদলৈ ভ্ৰুক্ষেপ নকৰি নাচি নাচি গাভৰুহঁত ঘামত জুৰুলি জুপুৰি হ’ল; ঘূৰণীয়া গাল-মুখৰপৰা টোপটোপকৈ

৩০৬