সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

সিবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰপৰা সকলো বিঘ্নজনক বিষয়, আৰু অধৰ্ম্মচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব; তাতে ক্ৰন্দন আৰু দাঁত-কৰচনি হব। তেতিয়া ধাৰ্ম্মিকবিলাকে আপোন বিলাসৰ পিতৃৰ ৰাজ্যত সূৰ্য্যৰ নিচিনা হৈ নীতি প্ৰকাশ কৰিব। এই কথা যাৰ কাণ কাছে, সি শুনক।”

 উশাহ সলাই কিতাপৰপৰা চকু আঁতৰাই পাদুৰিয়ে কলে।

 'প্ৰভু যিচুখ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা তোমালোক সকলোৰে লগত থাকোক।”

 কপালৰ ঘাম মছি পাদুৰি ক্ষন্তেক নীৰৱ হল। পুনৰ পূৰ্ব্বতকৈও অধিক চিত্তাকৰ্ষক মাতেৰে আৰম্ভ কৰিলে, “ভাই- ভনীসকল, ঈশ্বৰৰ পুত্ৰই আমাৰ পাপৰ কাৰণে অতি কষ্টৰে মৃত্যু বৰণ কৰিলে। আমি সকলোৱে পাপৰপৰা নিজকে ৰক্ষা কৰি পবিত্ৰ আত্মা যিচুৰ আজ্ঞা পালন কৰিব লাগে; তেওঁৰ প্ৰেমৰ প্ৰতিদান দিব লাগে। আহা, আমি সকলোৱে সমস্বৰে প্ৰভুৰ যশ-গীত কৰি তেওঁৰ মহিমা প্ৰচাৰ কৰোহঁক। প্ৰভু যিচু আমাৰ সকলোৰে ত্ৰাণকৰ্ত্তা।” হাতত অন্য ধৰ্ম্মপুস্তক লৈ ওচৰতে থিয় হৈ থকা লৰাজনে পাদুৰিৰ হাতত ধৰ্ম্মসঙ্গীতৰ কিতাপখন তুলি দিলে। পাদুৰিয়ে সেই প্ৰসঙ্গৰ উপযোগী গীত বিচাৰি পুথিৰ পাত লুতিয়ালে। পাদুৰিৰ সাধু কিতাপ পঢ়া সমাপ্ত হোৱা বুজিব পাৰি এজন দুজনকৈ মতা-তিৰোতা উঠিল। উচ্পিচ্ ক্ৰমশ বাঢ়িল। চনিয়াহঁতৰ কাষৰপৰা উঠি

যোৱা ডেকা এজনে ভোৰ-ভোৰাই কৈ গল, “এস্ ই সদায় পাপ

২৯৯