সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

কৰোঁ, আপুনি তেওঁলোকক মৃত্যুৰ শাস্তি নিবিহিব। ভগৱানে উত্তৰ দিলে, “এই মানুহবোৰে পাপ কৰিছে; পাপৰ একমাত্ৰ শাস্তি হৈছে মৃত্যু।'

 “হে ভগৱান, এই পাপী মানুহবোৰ হৈ যদি মই মৰোঁ, আপুনি তেতিয়া তেওঁলোকক ক্ষমা কৰিবনে? ঈশ্বৰৰ পুত্ৰই বিনীত ভাৱে সুধিলে।”

 পাদুৰিয়ে পাত লুটিয়াই পঢ়িলে—

 “ওহোঁ, সেইটো সম্ভৱ নহয়। বহু মানুহৰ শাস্তি এজনৰ দ্বাৰা গ্ৰহণ কৰা কেনেকৈ সম্ভৱ হব?” ভগৱানে যিচুৰ অনুৰোধ ৰক্ষা কৰিবলৈ অমান্তি হল।

 “যদি মই তিল-তিলকৈ অতি কষ্টত মৰো—তেতিয়া আপুনি এই পাপী মানুহবোৰক মৃত্যুৰ পৰা ৰক্ষা কৰিবনে?”

 “ঈশ্বৰে সেই কথাৰ একো উত্তৰ নিদিলে। ঈশ্বৰৰ সন্তান যিচুয়ে, তাৰ পিছত সেই দেশৰ দুষ্ট ৰজাৰ ওচৰত ধৰা দিলে। ৰজাৰ বিষয়াই যিচুৰ হাত-ভৰিত গজাল মাৰি ক্ৰুছ-বিদ্ধ কৰিলে। যিচুয়ে অসহ্য যন্ত্ৰণাত দাৰুণ আৰ্তনাদ কৰি চিঞঁৰিলে।”

 পাঠৰ লগে লগে আপোনা-আপুনি চকুৰপৰা ওলোৱা পানী পাদুৰিয়ে মছিলে। নৰেশ্বৰৰো চকুৰপৰা টপ্‌প্‌কৈ পানী পৰিবলৈ ধৰিলে। উপস্থিত সকলোবোৰে স্তব্ধ হৈ পাদুৰিৰ গল্প শুনিলে।

 “ভগৱানে যেতিয়া যিচুৰ কাষ চাপি কলে, “পুত্ৰ, মই

তোমাৰ আত্মত্যাগত সন্তুষ্ট। তিল-তিলকৈ কষ্ট সহ্য কৰি তুমি

২৯৬