সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


পুতেক নৰেনতে সফল হওক বুলি নৰেনক পঢ়াশালিত নাম লগাই দিলে। নৰেনৰ বিয়াও পাতি দিলে ওচৰৰ গাওঁৰে লেখা-পঢ়া জনা ছোৱালী এজনীৰ লগত। আখৰ চিনিব পৰা হলেই গাৱঁৰ লৰাৰ গাত ডেউকা গজে; গাৱঁত মন নবহে। ঘৈণীয়েকক লগত লৈ নৰেনে ভুৰুংকৈ এদিন চহৰলৈ উৰা মাৰিলে—বেহা-বেপাৰ কৰাৰ অচিলা লৈ।
 কিন্তু গাৱঁৰ এৰাব নোৱাৰা আকৰ্ষণ। দুবছৰৰ মূৰতে নৰেন পুনৰ ঘৰলৈ ঘূৰিব লগা হল। হাইজাত পৰি সাত দিনৰ ভিতৰতে নৰেনৰ বাপেক হৰেন ঢুকাল। মাকৰ আগেয়ে মৃত্যু ঘটিছে। দেৱেশ্বৰে ( মহেশ্বৰৰ পুতেক ) নৰেনক খেতি পথাৰ চম্ভালিবলৈ গাৱলৈ মাতি পঠিয়ালে। ঘৈণীয়েক মালতীব সৈতে নৰেনে আহি আকৌ গাৱঁৰ ঘৰত বাস কৰিবলৈ বাধ্য হল। মাটী-বাৰীৰ লেঠা এৰাব নোৱাৰা লেঠা; ডাক- টিকটৰ দৰে এবাৰ লাগিলে এৰুৱাৱলৈ টান।
 মালতী গাৱঁৰ মজলীয়া স্কুলত পঢ়াছোৱালী; চহৰত দুবছৰ থাকিব লগা হোৱাত বঙ্গালী কিতাপ পত্ৰও পঢ়িবলৈ লৈছিল। মহাভাৰত ৰামায়ণকে আৰম্ভ কৰি বঙ্গালী গল্প উপন্যাস পঢ়ি নিজৰ গাৱঁলীয়া মনটোক চহৰীয়া কৰিবলৈ চেষ্টা কৰিছিল। চহৰৰপৰা গাৱলৈ উভতি মালতীৰ মনটোয়ে সজাত বন্দী হোৱা চৰাইৰদৰে উচ্ পিচাবলৈ ধৰিলে। বিজুলী চাকিৰ দৰে চক্‌মকীয়া চহৰীয়া জীৱনত আছে গতি, ব্যগ্ৰতাৰ মাদকতা,

আমোদ আনন্দৰ ৰামধেনু; গাওঁ চলে গৰু গাৰীৰ মন্থৰ গতিত।

২৪