সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


 “কিমান দিবি?” গ্ৰাহক ভগাৰ ভয়ত দোকানীয়ে সুধিলে।

 “তই ক কিমানত দিবি?” চনিয়াই ঘূৰাই একে প্ৰশ্নকে কৰিলে।

 “এক টকা বাৰ অনা দিবি?”

 “ওহোঁ।”

 “কিমান দিবি, ক?”

 “এটকা দিম।”

 “পইচা নাই যদি ক; তোৰ নিচিনা ছোৱালীক সীতাৰামিয়া এনেয়ে পিন্ধাম।”

 “এই খবৰদাৰ বেয়া কথা নকবি।” খঙেৰে কথাষাৰ কৈ চনিয়া যাবলৈ ওলাল।

 “ডেৰ টকা দিবি?” দোকানীৰ কথালৈ আওকাণ কৰি চনিয়াই খোজ ললে। হেৰাব খোজা গ্ৰাহকক ফুচুলাই আনিবলৈ শেষ চেষ্টা কৰি দোকানীয়ে পুনৰ কলে, “আহ, আহ, এক টকা চাৰি অনা দিবি।”

 নৰেশ্বৰে ওচৰ চাপি আহি কলে, “চনিয়া তোৰ হাতত পইচা নাই যদি মই দিওঁ—তই যি লাগে লৈ ল।”

 “ধেৎ তোৰ পইচা কোনে বিচাৰিছে?” চনিয়াৰ ভেকাহি খাই সুৰসুৰকৈ নৰেশ্বৰে কাষৰ দোকানত মনোহাৰি মাল চাবলৈ গল।

 চনিয়াক খন্তেক চিন্তা কৰা দেখি দোকানীয়ে অনুৰাগৰ সুৰত কলে, “ইয়াতকৈ কমত ক'তো নেপাবি। তইতো আগৰ

২৯৩