সেউজী পাতৰ কাহিনী
দিবলৈ, নৌপাওঁতেই দোকানীয়ে মাত দিছে, “কি সুধিy লাগিছে? এই ঘোগলা ( ডিঙিৰ মালা) ৰাঁচী জিলাৰপৰা আহিছে। এই ৰকম বস্তু ইয়াত ক'ত পাবি? লৈ ল। তোক ধুনীয়া দেখাব।” দোকানীৰ কথা শুনি তিৰোতা গৰাকীয়ে কপাহ জোলাৰ দৰে দাঁত উলিয়াই হাঁহিলে। চনিয়াও আহি সেই পোহাৰৰ ওচৰতে বহি ইটো-সিটো অলঙ্কাৰ হাতত তুলি পৰীক্ষা কৰিলে। চনিয়াৰ ৰঙা শাৰীয়ে দোকানীক আকৰ্ষণ কৰিলে; দোকানীয়ে মাতিলে, “এই মিনি, সেই সীতাৰামিয়া (ডিঙিৰ মণি) ল। তোৰ বগা ডিঙিত মনাব।”
“কিমান দাম?” চনিয়াই সীতাৰামিয়াধাৰ ডিঙিত সুমুৱাই বুকুৰ কিমান দূৰলৈকে পৰে জুখি চাবলৈ চেষ্টা কৰিলে।
“এই মিনি, কি কৰিছ, কি কৰিছ? তেনেকৈ নধৰিবি, ছিঙ্গি যাব।” কৰ্কশ মাতেৰে বেপাৰিয়ে মাতিলে। ওচৰত বহি থকা অন্য এজনী গাভৰুৱে কপালত বিন্দিয়া বান্ধিছিল; দোকানীৰ কঠোৰ মাতত ভয় খাই লৰা-লৰিকৈ বিন্দিয়াডাল খহাই পূৰ্ব্বৰ ঠাইত থলে।
“খাইনে লেখাই নোচোৱাকৈ লম?” দোকানীৰ নিষেধ সত্ত্বেও চনিয়াই ৰূপৰ দীঘল মণিধাৰ ডিঙিত মেৰাই বেপাৰিক সুধিলে, “কিমানত দিবি?”
“দুই টকা লাগিব; তাৰ কমে নেপাবি।”
“ইস্, নকলি ৰূপৰ সীতাৰামিয়াডালত দুই টকা?” চনিয়া
বহাৰপৰা উঠিল।
২৯২