সেউজী পাতৰ কাহিনী
একেষাৰ কথাই ডেকাৰ আত্মসন্মানত কুঠাৰাঘাত কৰিলে।
লৰালৰিকৈ জেপৰপৰা শিকি এটা উলিয়াই প্ৰাৰ্থনাৰ চাহনিৰে
চনিয়াৰ সমুখলৈ আগবঢ়াই দিলে। শিকিটো লওঁতে চনিয়াই
ইচ্ছা কৰিয়েই নিজৰ আঙুলি কেইটা ডেকাৰ হাতখনত লগাই
দিলে। উত্তেজনাত ডেকাৰ চকুৰপৰা জুইৰ ফিৰঙতি উফৰিল;
চনিয়াৰ চকুতো ফিৰঙতি পৰিল। কিন্তু খাণ্ডৱদাহ নহল।
“চাৰি অনা? মোৰ হাতত খুচুৰা নাই৷” চনিয়াই হাঁহিৰে ডেকাক উন্মাদ কৰিলে। চকুৰ চাহনিৰে ডেকা লৰাক নচুৱাই গাভৰুয়ে সদায় আত্ম-আমোদ অনুভব কৰে। জেপ খপ্ৰিয়াই খুচুৰা পইচা নেপাই ডেকা ব্যতিব্যস্ত হল।
“বাবু কণী দুটাও লৈ যা। চাৰি অনা পূৰা হৈ যাব।” চনিয়াই ইচ্ছা কৰিয়েই বুকুৰ পৰা বাগৰি পৰা কাপোৰখন টানি ললে; ডেকাই বুকু দেখিলে; অন্তৰ নমণিলে; তাতেই কিন্তু মন্ত্ৰসাধন হল।
“দে বাৰু,” এনেভাবে চনিয়াৰ বুকুৰ উঠা-নমালৈ চালে- সেয়ে যেন ডেকাৰ জীৱনৰ শেষ সোণালী মুহূৰ্ত্ত। চনিয়াই কণী দুটা, তাৰ পিছত গাজ দুমুঠি ডেকাৰ হাতত তুলি দিলে; গাজ দুমুঠি দিওঁতে ডেকাৰ হাতত অলক্ষিতে চিকুট মাৰি দিলে। ডেকাৰ সমগ্ৰ মুখ ফাগুন মাহৰ শিমলু গছৰ দৰে ৰঙা হৈ পৰিল।
“হো তোৰ পইচা ল।” লোধাৰ হাতত শিকিটো দলিয়াই তপিনাৰ কাপোৰৰ ধূলি-মাকতি জোকাৰি চনিয়া থিয় হল; ইমান পৰ নিৰ্ব্বাক হৈ যোগনিদ্ৰাত থকা নৰেশ্বৰৰ হাতখন