সেউজী পাতৰ কাহিনী
হাতেৰে লিৰিকি বিদাৰি থকা দেখি লাজকুৰীয়া হাঁহিৰে চনিয়াই কলে, “কি চাইছ? লৈ ল বাবু।”
লগৰজন ডেকাই আহি কান্ধত হাত দিয়াত বন্ধুয়ে কঁকাল পোনালে।
“বেত গাজ কিনি খাইনে? বেত গাজ বিচাৰোঁতে, বেতৰ কাইটে চকু নিবিন্ধিলেহে হৈছে।” বন্ধুৰ মুখলৈ অৰ্থসূচক দৃষ্টি।
“আয়ে বেত গাজৰ কথা কৈছিল—বাত বেমাৰত বোলে উপকাৰী। তুমি আগবাঢ়া; চকুৰ আগতে পাইছোঁ যেতিয়া দাম-দৰ কৰি এমুঠি লৈয়ে যাওঁ।”
“বেতে বৰকৈ মেৰাই ধৰিলে আয়েৰাই বেত গাজ খাবলৈ নেপাব একা?” বন্ধুৰ পিঠিত ঢকা এটা মাৰি লগৰজন আঁতৰিল। পহু ফান্দত পৰিল বুজি চনিয়াই মুখখনত ফুলজাৰি জ্বলাই কলে, “দুই মুঠি লৈ যা বাবু—দুই অনা লাগিব।”
“বহুত দাম : এক অনা দিম।”
মুঠিত চাৰি অনা বুলিলেও যে ডেকাই গাজ নিকিনি নেযাই চনিয়াই বঢ়িয়াকৈ বুজিছিল। গাজ মুঠি উপৰি, ফাও; দুই অনাৰ বিনিময়ত ডেকাই আচলতে যি তৃপ্তি বিচাৰিছিল তাকে লভি ছোৱালীজনীৰ সংসৰ্গৰ সেই উজ্জ্বল মুহূৰ্ত্ত যিমান দীঘলাব পাৰি তাৰ বাবে চেষ্টা কৰিলে। উদ্দেশ্য যেতিয়া সিদ্ধিৰ পথত –চনিয়াই এক দণ্ডও ডেকাক ধৰি ৰাখিবলৈ নিবিচাৰিলে। তাই মুখ কলা কৰি কলে, “জেপত পইচা নাই যদি বস্তু কিয় দৰাই ফুৰিছ?”
২৮৯