সেউজী পাতৰ কাহিনী
ফুৰিছে; চনিয়াই বুজিলে। চনিয়াই আকৌ সুধিলে, “তই বেচিব পৰা নাই?”
“বেত গাজ এনেয়ে দিলেও নিনিয়ে। এইবোৰ ৰাধুয়েহে বেছিবলৈ আনিছিল।”
কণী দুটালৈ চাই চনিয়াই কলে, “কণীও দেখোন বেচা যোৱা নাই?”
“এক অনা দাম বুলিলেই গ্ৰাহক আঁতৰি যায়। ৰাধুয়ে এক অনাৰ কমে বেচিবলৈ হাক দিছে।”
“বাৰু ৰ, মই এতিয়াই বেচি দিম।” লোধাৰ ওচৰতে বহি চনিয়াই নৰেশ্বৰক কলে, “চাই থাকিবি, মই মুঠিত এক অনাকৈ বেত গাজ বেচিম।”
“ধেৎ, বেত গাজ মুঠিত এপইচাহে!” লোধাই ভাবিলে চনিয়াই তাৰ লগত ধেমালি কৰিছে।
“তই মনে মনে থাক।”
সমুখেদি হাট ঘূৰি-ফুৰা ডেকা লৰা দুটা গৈছিল। চনিয়াই মুখ তুলি চাওঁতে এজনৰ চকুয়ে-চকুয়ে পৰাত দৃষ্টিৰে নহয় অন্তৰ্দৃষ্টিৰে হাঁহিলে। ডেকাজনেও হাঁহি থমকি বল। চনিয়াই লাজকুৰীয়াভাৱে আকৌ চালে, ডেকাজন ওচৰ চাপি অহা দেখি চনিয়াই কলে, “এই বাবু বেত গাজ লবি; কোমল গাজ।” ডেকাজনে কঁকাল ভাঙি তললৈ মূৰ কৰি বেত গাজ মুঠি চোৱাৰ ভাও জুৰিলে। বেত গাজ লোৱা লক্ষ্য নহয় উপলক্ষ্যহে; চনিয়াৰ মুখৰ ওচৰ চাপি চকুজোৰ ৰলগৈ। ডেকাই গাজ মুঠি
২৮৮