সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


 নৰেশ্বৰকো জুমৰ মাজৰ পৰা টানি উলিয়াই হাঁহি-হাঁহি দুয়ো হাটৰ মাজত সোমাল। হাট ভৰপূৰ; পোহাৰ চাই ফুৰা মানুহৰে উদুলি-মুদুলি; ইফাল সিফাল কৰিবলৈকো অন্ধি-সন্ধি নাই। গাত গা নলগোৱাকৈ এখোজো আগবাঢ়িব নোৱাৰি। কোনোৱে ইচ্ছা কৰিয়েই তিৰোতাৰ বুকু-পিঠি খুন্দিয়াই সুখ লভিছে; তাৰ বাবে কোনেও আপত্তিও কৰা নাই; কাৰো লগত খকাখুন্দাও লগা নাই। অচিন নৰ-নাৰীৰ অহৈতুকী স্পৰ্শ-সুখৰ ঠেলাহেচা মাদকতা সকলোৱে সহজ আনন্দৰেই অনুভৱ কৰিছে। ঘূৰি ঘূৰি নৰেশ্বৰ আৰু চনিয়া হাটৰ মূৰ ওলালগৈ; শাক- পাচলিৰ বজাৰ – এই পিনে হাটকৰাব সমাগম কম।

 চনিয়াই ৰাধুৰ ভায়েক লোধাক তাতে বেত গাজ দুমুঠি, কুকুৰা কণী এযোৰ আগত লৈ দুই আঠুৰ মাজত মূৰ সুমুৱাই বহি থকা দেখি মাত লগালে— “লোধা, ৰাধু হাটলৈ অহা নাই?”

 “আহিছে।”

 “কলৈ গ'ল?”

 “জানো?”

 “হাটলৈ কি আনিছিলি?”

 “একো অনা নাই; এই কিটা বস্তুৰে মোক ইয়াতে বহুৱাই থৈ কেতিয়াবাই গুচি গৈছে—এতিয়াও অহা নাই। ম‍ই কিমান বহি থাকিম?” লোধাই কান্দো কান্দো হৈ কলে।

 ৰাধুয়ে বেত গাজ দুমুঠি বেচিবৰ নাম কৰি হাটলৈ আহি ভায়েকৰ হাতত সেই ভাৰ দি নিজে লখুৰ লগত হাট ভ্ৰমি

২৮৭