সেউজী পাতৰ কাহিনী
প্ৰসাদত গৰুটোৰ গালৈ পইচা এটা দলিয়াই দিলে। মাটীৰ পৰা পইচাটো তুলি হাতখন দুৰ্জ্জন চৰ্দ্দাৰলৈ আগবঢ়াই সন্ন্যাসীয়ে আৱেদন জনালে, “এ্য কিয়া দিয়া বাবা, সজ্জন আদমিকো তো মহেশ পছন লিয়া।” দুৰ্জ্জনৰ নামটোকে হিন্দুস্থানী সন্ন্যাসীয়ে ভুলকৈ সজ্জন উচ্চাৰণ কৰা ভাবি জুমটোয়ে গিৰ্জ্জনি মাৰি হাঁহিলে। চৰ্দ্দাৰে আৰু এটা পইচা ষাড়টোৰ মালিকক দিলে। মানুহজনে পইচা দুটা চোলাৰ জেপত ভৰাই ষাড়টোৰ কাণত হাত ফুৰাই আকৌ কলে, “যাও মহেশ যাও, সাদী হনে লাগা বেটীকো দেখাও বাবা, দেখাও।”
ষাড়টোৱে মনোহৰ ভঙ্গিত মূৰ নচুৱাই ডিঙিৰ টিলিঙ্গা বজাই বজাই জুমটোৰ চাৰিওকাষে কেইবা পাকো ঘূৰিলে। সেই সময়ত হেচুকি হেচুকি চনিয়া জুমৰ সমুখত থিয় হৈছিলগৈ। ৰঙা শাৰী দেখি ষাড়টোৱে ডিঙি-মূৰ লৰচৰ কৰিবলৈ বন্ধ কৰি চনিয়াৰ কাষত তভক মাৰি ৰল। মালিকে নিৰ্দ্দেশ দিলে, “দেখাও বাবা মহেশ দেখাও।” জুমৰ মতা- তিৰোতাই ষাড়টোয়েনো কি কৰে জানিবলৈ উৎকণ্ঠিত হৈ অপেক্ষা কৰিছিল। ষাড়টো কেইখোজমান আগ বাঢ়িল; মালিকে পূৰ্ব্বতকৈও উচ্চস্বৰে কলে, “দেখাও মহেশ, দেখাও।” সন্ন্যাসীৰ আদেশৰ লগে লগে ষাড়টোয়ে ঘূৰি আহি চনিয়াৰ গাত খুন্দা মাৰি মূৰ জোকাৰিলে। মতা-তিৰোতাৰ গগন ফলা হাঁহিৰ ৰোলত গৰুৰ ডিঙিৰ ঘণ্টাৰ শব্দ জয় পৰিল। ঠেলা-হেচা কৰি লাজত চনিয়া লৰালৰিকৈ জুমটোৰপৰা বাজ ওলাল।
২৮৬