সেউজী পাতৰ কাহিনী
নৰেশ্বৰৰ লগত দূৰৈৰ পৰা কথা পাতিলেও তাৰ সান্ত্বনা, চনিয়াৰ কোমল হাতখন আৰু লাহী আঙুলি কেইটাই তাৰ লগতেই ধেমালি কৰি আছে। অকস্মাতে চনিয়াই পোৱালি মহৰীৰ হাতৰপৰা হাতখন এৰুৱাই নৰেশ্বৰৰ কাষ চাপিল; নৰেশ্বৰে তাৰ হাতৰ পইচা খিনি বুধুৰ সমুখত পেলাই চনিয়াৰ লগত হাটখোলাৰ পিনে লৰ দিলে। বিচিত্ৰ নাৰী চৰিত্ৰ, আকাশৰ ৰঙৰ দৰে মুহূৰ্তে মুহূৰ্ত্তে মনৰ মানুহ সলনি হয়—পোৱালি মহৰীয়ে ভাবিলে। তাৰ মুঠিৰ ধন মুঠিৰ মাজতে হেৰাল। সাপে ডকা মানুহৰ দৰে য'তে থিয় দি আছিল তাৰ পৰা চলনা- নিপুণ চনিয়ালৈ ৰোষভৰা চকুৰে মহৰীয়ে চালে।
আকৌ এটা জুম; জুমটোৰ মতা-তিৰোতাৰপৰা হি-হিকৈ হাঁহিৰ ৰোল উঠিছে। ৰহস্যৰ সম্ভেদ লবলৈ নৰেশ্বৰ চনিয়া দুয়ো হেচি-ঠেলি জুমৰ মাজত সোমাল গৈ। টিলিকা বগা ষাড় গৰু এটাৰ ডিঙিত কেইবা শাৰী কড়িৰ মালা পিন্ধাই আৰু ঘণ্টা লগাই গেৰুৱা পোছাকৰ মূৰত পাগুৰি মৰা সন্ন্যাসী এজন ওচৰতে থিয় দি আছে। ষাড় গৰুটোৰ গাটো ৰামনামী কাপোৰেৰে মেৰোৱা। “যাও তো মহেশ যাও, সাধু বাবা কোন হ্যায় চালাম কৰ।” সন্ন্যাসীয়ে, কথাষাৰ কৈ ষাড়টোৰ ওলমিপৰা গলধনৰ বিচনীত হাত ফুৰালে। ষাড়টোয়ে ইফালে সিফালে দুবাৰমান ঘূৰি একাষে থিয় দি থকা দুৰ্জ্জন চৰ্দ্দাৰৰ গাত মূৰ লগাই ডিঙিৰ টিলিঙা জোকাৰিলে। ষাড়টোৰ অদ্ভুত কাৰ্য দেখি সকলোৱে হোঁ-হোঁকৈ হাঁহিলে। দুৰ্জ্জন চৰ্দ্দাৰে আত্ম-
২৮৫