সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

মহৰীয়ে ভাবিলে হাটখোলা সোমোৱাৰ আগতে গছৰ তলত ক্ষন্তেক ৰৈ চনিয়াৰ লগত কথাটো নিস্পত্তি কৰিব। দুয়ো গছৰ গুৰি পালেগৈ; কেইবাজনেও জুম পাতি গছৰ তলত তাচ খেলিছে। কি ধেমালি চলিছে চাবলৈ চনিয়া জুমটোৰ কাষত ক্ষন্তেক ৰলগৈ। যি আশা কৰিছিল, ভগৱানে তাকেই মিলালে। দৰিদ্ৰৰ আশাই সৰ্ব্বস্ব; আত্মতৃপ্তিত পোৱালি মহৰী তাইৰ ওচৰতে থিয় হল। চনিয়াৰ লগত কথা পাতিবলৈ মহৰীৰ অপূৰ্ব্ব সুযোগ উপস্থিত; কিন্তু কি কথা কব নকব ভাবি ঠিক কৰিব পৰা নাই। তিৰোতাৰ মন পোৱা সহজ নহয়; কি কথাত কেতিয়া তিৰোতাৰ খং কেতিয়া ৰং বুজিব নোৱাৰি। ইফালে ছাইৰ তলৰ জুইৰ দৰে পোৱালি মহৰীৰ মন ভিতৰি ভিতৰি কামনাই দহি আছে। কিছু সময় মনে মনে থাকি মনৰ ভিতৰতে কথাখিনি পাগুলি চনিয়াৰ গাতে গা লগালে; পোৱালি মহৰীৰ গা গৰম। চনিয়াৰ পৰা আপত্তিৰ কোনো সংকেত নেপাই নিজৰ হাতখন তাইৰ হাতখনত লগাই দিলে। তিৰোতাৰ চকুৰ ভাষা সাংকেতিক অঙ্কতকৈও জটিল। চনিয়াৰ চকুত হাঁহিৰ অৰ্থ ধৰিব নোৱাৰি বহুপৰ তাইৰ চেঁচা হাতখন লিৰিকি বিদাৰি মনৰ কথা প্ৰকাশ কৰিবলৈ কুৰুং-কাৰাং কৰিলে।

 তাচ খেলুৱৈৰ ভিতৰত এজন বুধু; বুধুৰ কাষতে হাতত এমুঠি পইচা লৈ নৰেশ্বৰ বহিছিল। চনিয়াই নৰেশ্বৰলৈ চাই চকুয়ে চকুয়ে কথা পতা পোৱালি মহৰীয়ে বুজিব পাৰিলে; মনে মনে নৰেশ্বৰলৈ ঈৰ্ষাও জন্মিল। কিন্তু চনিয়াৰ চকুৱে

২৮৪