সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

পৰি পিছলৈ চাই চাই পোৱালি মহৰীয়ে খোজ দিছিল। চনিয়াক দেখি থমকিল; চনিয়াৰ ওচৰ চাপিল। তাইলৈ অৰ্থপূৰ্ণ হাঁহি মাৰি লগে লগে গল। কিছু সময় কাৰো মুখত কথা নাই। কথা কবলৈ উচুপিচাই পোৱালি মহৰীয়েই প্ৰথমে সুধিলে, “হাৰিয়া খাই দুপৰলৈ শুইছিলি? কেতিয়াবাই আহি ম‍ই বাট চাই আছোঁ।”

 চনিয়াই একো নেমাতিলে; মাত্ৰ পোৱালি মহৰীৰ মুখলৈ চকু ঘূৰাই বেঁকাকৈ হাঁহিলে। সেই হাঁহি আৰু চাহনিৰ সংকেতত মহৰী আশ্বস্ত হল; পুৱাৰেপৰা নিৰাশ দুশ্চিন্তা বিভ্ৰান্ত হৈ থকা মনটো কিছু শান্ত হ'ল। শৰীৰৰ সকলো শক্তি জিভাৰ আগলৈ টানি সুধিলে, “চনিয়া, মোৰ কথাটোৰ কি কৰিলি?”

 “কি কথা?” সহজভাৱেই চনিয়াই উত্তৰ দিলে।

 “তই নজনাই হলি?”

 পোৱালি মহৰীয়ে ধেমালিৰ সুৰত কলে যদিও চনিয়াই উত্তৰ নিদিলে। মনৰ বহুত কথা চনিয়াৰ আগত প্ৰকাশ কৰিবলৈ পোৱালি মহৰীয়ে পুৱাৰেপৰা বাটত খাপ পিতি পিতি গুণা-গথা কৰি আছিল; কিন্তু ঈশ্বৰে মানুহক কথা কোৱা শক্তি দি শাস্তিও বিধিছে। কেতিয়াবা কব নলগীয়া কথা কৈ মানুহে কষ্ট পায়; দেহা বেচা তিৰোতাৰ দৰে কেতিয়াবা ভাববোৰে সাজি-কাচি মনৰ ভিতৰতে ৰূপৱতী হৈ বাট চাই থাকে—বাহিৰ ওলাবলৈ অক্ষম। পোৱালি মহৰীৰো মনৰ কথাবোৰৰ সেই

২৮২