নঙলাৰ খুটাৰ পৰা হাত আঁতৰাই সংকোচৰ হাঁহিৰে চনিয়াই
গুণগুণাই উত্তৰ দিলে—
তোৰে দো তোলে উলো সকম
তোৰে দো কইড় তোলেনা
ভোলোং ৰে টিকা সিন্দুৰী
ভোলোং ৰে কাইড় টিকা না
অইড় লোৱতে জুৰী বংগাইয়া
অইড় দো হো কাইড় ভোলেনা।
[হাতত মই আমি পাত নেবান্ধো, মূৰত সেন্দুৰৰ ফোঁট নলওঁ, মোৰ বন্ধু নাই; কাৰো লগত মই জোৰা নেবান্ধো।]
গীত গাই গাই লখুলৈ কেৰাহিকৈ চাই চনিয়াই সন্মুখলৈ চাই বল। লখুৱে বাট ওলাই চিঞৰিলে, “চনিয়া, আহিলোঁ; ৰাৱণে হৰি নিব অহালৈ তই বাট নেচাবি, ওলা।”
লগৰীয়াক লগ ধৰিবলৈ লখু কোবাকোবিকৈ আগ বাঢ়িল। দূৰ্গা পূজাৰ জনতাৰ দৰে এজুমৰ পিছত আনজুম মতা-তিৰোতা বাগিছাৰ মাজেদি বাটত ওলাইছে—সকলো উৎসৱৰ সাজ- পোছাকত। নঙলাৰ মুখৰপৰাই চনিয়াই কৌতুহলেৰে চালে। বিৰচি—লগত এপাল লৰা-ছোৱালী; পিঠিত কেঁচুৱা বন্ধা। সক ছোৱালীজনীয়ে মাকৰ লগত সমানে খোজ কাঢ়িব নোৱাৰি টলং-ভটংকৈ একা-বেকাকৈ লৰি গৈছে—এডলীয়া বাঁহৰ সাঁকোৰ ওপৰেদিহে যেন খোজ কাঢ়িছে। পিছত কুকুৰ এটাই
বাট শুভি শুঙি আহি আছে; পিছত কুকুৰটো দেখি বিৰচিৰ
২৮০