সেউজী পাতৰ কাহিনী
ঘূৰাই আনিব নোৱাৰি। কুমাৰৰ কলহ ফুটিলে পুনৰ কুমাৰৰ কাষলৈ নাহে। হে বন্ধু, দিনবোৰ এবাৰ গলে পুনৰ ঘূৰি নাহে। সপ্তাহৰ ধন হাতত পৰিলেই কোনো লৰ মাবে দেশী মদৰ দোকানলৈ; বটলে বটলে পানী মিহলোৱা ফুলি চাৰাপ খাই দেহ-মন মতলীয়া নোহোৱালৈকে ঘৰলৈ নোভোতে। মাজ নিশা ঢলং-পলংকৈ আহি কোনোমতে মাটীয়ে-বালিয়ে পৰি থাকে। চাৰাপ খাই সপ্তাহটোৰ পৰিশ্ৰম, অভাৱ-অনাটন পাহৰি পুৱা ভালেমান পৰলৈকে অজ্ঞান হৈ শুই থাকে।
কলঘৰত কাম থকা কেইজনৰ বাহিৰে দেওবাৰটো সৰহ ভাগ বনুৱাৰে ছুটীৰ দিন। ছুটীৰ দিনটো স্বাধীনতাৰ দিন; কলঘৰৰ ঘণ্টি, আৰু বাবুহঁতৰ শাসন নিৰ্দ্দেশৰ বহিৰ্ভূত দিন। পুৱা পাটীৰপৰা নৌ উঠোতেই বেলিটোৱে ছুটীৰ দিনৰ মুক্তিৰ আহ্লাদ আনি দিয়ে; কৰ্ম্মহীন দিনটোৰ অৱসৰে উদ্দীপনা বঢ়ায়।
দেওবাৰ হাটবাৰ; বাগিছাৰ কাষতে হাট। হাট নহয়, উৎসৱ। ওচৰ-পাজৰৰ গাৱঁৰ মানুহে হাটত চাউল-পাত, হাঁহ- কুকুৰা, শাক-পাচলি বেচিবলৈ আনে; সৰহকৈ আহে চহৰৰ বেপাৰী। বেপাৰীয়ে আনে নিমখ-তেল, মলা-ধপাত, চাধাপাত, কানি-কাপোৰ, তাম-ৰূপ-পিতলৰ সস্তীয়া অলঙ্কাৰ-পাতি। মনোহাৰী দোকানীৰ বস্তুৰ প্ৰতিয়েই বনুৱা তিৰোতা-গাভৰু বিশেষকৈ আকৰ্ষিত হয়। কুলি ৰমণীৰ সপ্তাহৰ আৰ্জ্জোনৰ সৰহখিনি মনোহাৰী দোকানীয়ে লুটি নিয়ে। বনুৱা তিৰো-
২৭৮