সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


ক্ষীণ চকুযুৰিলৈ মহেশ্বৰে নিৰ্ণিমেষে চালে। লাজ আৰু অসহায় দৃষ্টি সেই চকুত। যন্ত্রণাত উস্-আস্‌ কৰি কওঁ নকওঁকৈ কলে,— “পাপ ঢাকিবলৈ দৰৱ খাইছিলোঁ। কালিৰেপৰা তেজ বন্ধ হোৱা নাই । তল পেটত চুব নোৱাৰা বিখ।”
 হাতটো পুনৰ বিছনাত শুৱাই দীঘল নিশ্বাস টানি মহেশ্বৰে কলে,—“এটা পাপ কৰি অন্য এটা পাপেৰে ঢাকিবলৈ গলা কিয় ?”
 মূৰটো মহেশ্বৰৰ বিপৰীত পিনে ঘূৰাই যোগেনৰ তিৰোতাই উত্তৰ দিলে, – “লাজ ঢাকিবলৈ মোৰ অন্য গতি নাছিল । দৰৱ জাতি দি ৰাতিটোৰ ভিতৰতে ৰক্ষা কৰক । পুৱালৈ ৰলে ওচৰ চুবুৰীয়াৰ মাজত জনাজনি হব ৷ তেতিয়া জীয়া জুইত জপিয়াই মৰিব লাগিব।” কথাৰ লগে লগে যন্ত্ৰণাত কাতৰ হৈ কান্দিলে ।
 কি কৰিব নকৰিব—মহেশ্বৰে ক্ষন্তেক চিন্তা কৰিলে। পেটৰ সন্তানটিৰ যি হওঁক নহওঁক, মানুহজনীক ৰক্ষা কৰিব পাৰিলেই হয়। ৰোগীৰ লক্ষণলৈ চাই সিও অসম্ভৱ অনুমান হল । তথাপি নমৰে মানে চাবা, নুবুৰে মানে বাবা । বেজৰ আশা মৃত্যুৰ শেষ মুহূৰ্ত্তলৈকে। মহেশ্বৰে ৰাতিৰ ভিতৰতে দৰৱ জাতিৰ ব্যৱস্থা কৰিলে। কেইপালিমান ঔষধ পৰাৰ পিছতে বেদনাত অৱশ হৈ ৰোগীয়ে টোপনিত লালকাল দিলে । সেই অজ্ঞান অৱস্থাতে শেষ ৰাতিৰ পিনে মাংসপিণ্ড এডোখৰ প্ৰসৱ কৰি

যোগেনব বিধবাই চিৰ শান্তি লভিলে ।

২২