সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সেউজী পাতৰ কাহিনী

বাগিছাত থাকিবলৈ বিচাৰ কিয় আমি হবলা বুজা নাই?” কপট দৃষ্টিৰে চালে।

 “কচোন, কিয়?” নৰেশ্বৰৰ মুখত হাঁহি তেতিয়াও বিৰিঙা নাছিল।

 “বাগিছাৰ দৰে কুলি ছোৱালী কত পাবি? আমাৰ সাবিত্ৰী, তিলকমতি সকলো অপেশ্বৰীৰ দৰে ধুনীয়া।”

 “তই অপেশ্বৰীৰ ৰাণী। ”

 হাঁহিৰ লগতে ওলোৱা নৰেশ্বৰৰ মুখৰ কথাষাৰ শেষ হবলৈ নৌ পাওঁতেই তাৰ দেহ মেৰাই থকা হাতটো এৰূৱাই কলে, “মোক খং তোলাই তই ভাল পাৱ?”

 “খং তোলাম কিয়? সঁচা কথা কৈছোঁ।” চনিয়াৰ হাতখন টানি আনি নিজৰ কোলাত ললে।

 “শুন নৰেশ্বৰ, মোৰ পিছে পিছে তই বৰকৈ নুঘূৰিবি। তোৰ ওপৰত সাবিত্ৰীৰ নজৰ পৰিছে। সাবিত্ৰীয়ে তোৰ কথা কৈ ৰহইচ কৰে।”

 “তিলকমতি, দসোদাই নকয়?”

 “তিলকমতি ভতাৰ বিচৰা মাইকী নহয়; দসোদাইবা কিয় কব? তাইৰ জোৱান মতা আছে; লৰাও এটা হৈছে।” অলপ ৰৈ পুনৰ কলে, “দসোদাৰ লৰাটো বেচ সুন্দৰ; বাপেকৰ দৰে শকত। কোলাৰ কেচুৱাৰে দসোদাক দেখিলে যিচুৰ মাক যেন লাগে। এণ্ড্ৰুজ চাহাবে দিয়া যিশুৰ মাকৰ ছৱি এখন মোৰ হাতত আছে—এদিন দুয়োখন মুখ মিলাই চাম ৰ’।”

২৭৩