“ভাগ্যক খেদি ফুৰিলে নেপায়; সি কেতিয়া আহি ধৰা দিয়েহি
তাকো কব নোৱাৰি; সেই কাৰণেই হে ভাগ্য বোলে।”
“মোক লগ পাম বুলি তই আশা কৰা নাছিলি?” নিশা ফুলা বগা ফুলৰ তীব্ৰ গোন্ধৰ দৰে চনিয়াৰ হাঁহিৰ সুঘ্ৰাণে নৰেশ্বৰক সৌৰভিত কৰিলে।
“বুজিছ চনিয়া, ঘৰৰ পৰা যিদিনা ওলাইছিলোঁ, তহঁতৰ কাকো লগ পাম বুলি আশা কৰা নাছিলোঁ।” নৰেশ্বৰৰ মাতত অনুকম্পা।
“আমাক যেতিয়া লগ পালি, — ঘৰলৈ ঘূৰি যাবলৈ মন গল।” চনিয়াই নিজৰ মূৰটোৰে নৰেশ্বৰৰ মূৰটোত খুন্দা মাৰিলে— নৰেশ্বৰৰ মূৰৰ গভীৰ দুখবোৰ যেন ছিটিকি ওলাই পৰিল।
“ওহোঁ,—ওলোটাহে হ'ল; একেবাৰে তহঁতৰ লগত থাকি যাবলৈ ঠিক কৰিলোঁ।” কথাষাৰ কৈহে যেন নৰেশ্বৰে স্বস্তি লভিলে।
“জাত নাই, ভাত নাই, ধৰম নাই, মাত-কথাৰ ঠিক নাই— এই মানুহবোৰৰ মাজত তই কিয় থাকিবি?”
চনিয়াৰ কথাত তাইৰ মনৰ ভাব ধৰা টান। তাই ধেমালিতেই কৈছেনে সঁচাকৈয়ে কৈছে একো বুজিব নোৱাৰি নৰেশ্বৰে ভাবি- চিন্তি উত্তৰ দিলে, “শুন চনিয়া, দুখীয়াৰ ক'তো জাত নাই, সি যে দুখীয়া সেইটোৱেই তাৰ চিনাকি।”
গীত-নাচৰ উৎসৱৰ মাজত নৰেশ্বৰৰ গম্ভীৰ মুখৰ বিষাদভৰা কথা চনিয়াৰ ভাল নেলাগিল। নৰেশ্বৰক সাবটি ধৰি তাই
কলে, “থৈ দে, থৈ দে তোৰ কিতাপৰ মিছা কথাবোৰ। তই
২৭২