সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সেউজী পাতৰ কাহিনী


 “বস্তু দেখিলেই হাটত কিনিবৰ মন যায়। পইচা পালে, যি মন যায় তাকে কিনি পেলাওঁ। দৰ্কাৰি অদৰ্কাৰি ভাল- বেয়াৰ কথা ঘৰলৈ আহিহে ভাবো।”

 “অহাবাৰৰ হাটত তোৰ মন যোৱা খাৰু এজোৰ মই কিনি দিম দে।”

 নৰেশ্বৰৰ হাতৰ মাজত উম লৈ থকা হাতটো উলিয়াই আনি চনিয়াই কলে, “তোৰ পইচাৰে মোৰ হাতত খাৰু পিন্ধাই গোটেই মানুহজনীকে কিনি পেলাব খুজিছ নে?” জোনটো চাবলৈ বন্তিৰ দৰ্কাৰ নাই; চনিয়াৰ মুখৰ নতুন ধৰণৰ হাঁহিটো আন্ধাৰতে সি চিনি পালে।

 “খাৰুৰ দামতে তোক পালেতো মহা ভাগ্য।”

 “এই ভাগ্যৰ কাৰণেই বাগিছালৈ আহিছিলি?”

 উত্তৰ বিচাৰি নৰেশ্বৰে হাবাথুৰি খালে; খপহ কৰে মিছা কথা এখাৰ কবলৈ তাৰ ইচ্ছা নহল। এই বয়সতে বহু দুখ-কষ্ট অপবাদ অনাহকতে সি পাইছে; কিন্তু মিছা কথাৰে সেইবোৰৰ হাত সাৰিবলৈ চেষ্টা কৰা নাই। বাপেকৰ কিবা উপদেশ সি যদি সজ্ঞানে আজিলৈকে পালিছে—এইটোৱেই। প্ৰথম দিনৰ পৰিচয়তে চনিয়াৰ প্ৰতি তাৰ অন্তৰত এটি বুজাব নোৱাৰা আকৰ্ষণ জন্মিছিল; চনিয়াও তাক বিশ্বাস কৰে বুলি নৰেশ্বৰৰ ধাৰণা। কাৰোৰ লগত ক্ষণিকৰ দেখাত চিৰকলীয়া বন্ধুত্ব জন্মে; চনিয়াৰ লগৰ সেই আত্মীয়তাৰ সম্পৰ্কত মিছা কথাৰে

সি বেৰা দিব নোখোজে; সহজ ভাৱেই নবেশ্বৰে উত্তৰ দিলে,

২৯১