সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


হাতৰ কাঁচৰ খাৰুশাৰী লিৰিকি-বিদাৰি আছে, ইপাতৰ লগত সিপাতৰ ঠুং ঠুং খুন্দা খুৱাই নমতা সখীৰ মাজত মাতবোল কৰাই দিছিল। সৰু লৰাই পুতলাৰ লগত ওমলাৰ দৰে নৰেশ্বৰে তাইৰ খাৰুৰ সৈতে ধেমালি কৰাত চনিয়াই মিচিকি মিচিকি হাঁহিলে। তাই বুজিলে, এই খেলা নাচোনৰ পূৰ্বৰ মাদলৰ ছেও হে—নাচোন প্ৰস্তুতিৰ আহ্বান। হাতটোত নিজৰ সৰ্বস্বত্ত্ব ত্যাগ কৰি নৰেশ্বৰক তাৰ ইচ্ছামতে ঘূৰাব পকাবলৈ এৰি দি চনিয়া নিশ্চল হৈ ৰল। ঠুং ঠুং ঠুং ঠুং ঠুং। খুন্দা খাই খাক এপাত ভাগিল; নৰেশ্বৰৰ আঙুলি কেইটা চনিয়াৰ হাতৰ পৰা চক্‌খাই আঁতৰি পৰিল। নৰেশ্বৰে লাজ পালে বুলি চনিয়াই বুজিলে। কোন পাত খাৰুনো ভাঙিল নিৰ্ণয় কৰিবলৈ সোঁ- হাতৰ খাৰু শাৰীত বাওঁহাতৰ আঙুলি বুলাই চনিয়াই কলে, “সেউজীয়াৰ লগত মোৰ অৰিয়া-অৰি; সেউজীয়া পাতেই ভাঙিল।” চনিয়াই এডাল এডালকৈ পুনৰ খাৰু কেইপাত গণিলে।

 “ভাঙিব বুলি ভবাই নাছিলোঁ; বেয়া পালি নহয়?” কৃপা ভিক্ষা মাতেৰে সুধিলে।

 “ভাঙিল ভালেই হ'ল; এবাৰ সন্ন্যাসী এটাই হাত চাই কৈছিল—সেউজীয়া ৰং মোলৈ বেয়া। এই পাত দলিয়াই দিওঁ দিওঁ কৰিয়েই আছিলো, সত যোৱা নাছিল।”

 “সেউজীয়া ৰং অমঙ্গল যদি কিনিছিলি কিয়?” চনিয়াৰ

হাতটো নিজৰ হাতৰ মাজত সুমুৱাই নৰেশ্বৰে কলে।

২৭০