সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সেউজী পাতৰ কাহিনী


লাহী শৰীৰৰ সাবিত্ৰীয়ে মঙ্গহেৰে পূব তিলকমতিক ঠাট্টাৰ সুৰত উত্তৰ দিলে।

 “মোৰ তপিনাৰ মঙ্গহতকৈ তোৰ বুকুৰ মঙ্গহতহে সোৱাদ পাব।” নিজৰ কথাতে নিজে ৰস পাই হি-হিকৈ হাঁহি সাবিত্ৰীয়ে নিজৰ ডোণ হেন খোপাটো কথাৰ লাচতে মেলি দিলে। গলধনৰ- পৰা তপিনালৈকে মেল খাই পৰা চুলিকোছাই সাবিত্ৰীৰ পিঠিখন সন্ধিয়াৰ আন্ধাৰতকৈ গাঢ় কৰি তুলিলে। বাগৰি পৰা চুলি- কোছা সোঁহাতেৰে সামৰি কলে, “নৰেশ্বৰৰ ছাঁটো দেখিয়েই এইজনী বলিয়া হ'ল।” আছুৰ নেছা মেৰোৱাদি দুই হাতৰ মুঠিতে চুলিটাৰি পকাই খোপাটো বান্ধিবলৈ উপক্ৰম কৰি সাবিত্ৰীয়ে পুনৰ কলে, “জুইকুৰা নিজৰ বুকুতে বান্ধি জ্বলি পুৰি মৰিছ কিয়? ওচৰ চাপি যা; তাৰ দেহাতো জুই জ্বলক।”

 “তোৰ নিজৰ জ্বলা বুকুখননো ছাইৰে ঢাকিছ কিয়? বল, দুই কুৰা জুইয়ে দুইপিনৰ পৰা আগুৰি ধৰোঁগৈ।” তিলক- মতিৰ মুখত দুষ্টালিৰ হাঁহি।

 “দুইজনীয়ে এনেয়ে হিংসাত দেই পুৰি মৰিছ। সি গাৱঁৰ লৰা; কুলি ছোৱালীক কিহৰ জগৰত বিয়া কৰাব? বাগিছাত ধন ঘটিবলৈ আহিছে—ধনৰ মোনা ভৰিলেই গাৱঁলৈ উভতি যাব।”  ৰাধুৰ কথাত দুয়োজনীৰে গালৈ হুচ আহিল; নৰেশ্বৰলৈ

অসন্তোষৰে চাই দুয়োজনীৰ মুখৰ ৰং অধিক কিছকিচীয়া হল।

২৬৬