সেউজী পাতৰ কাহিনী
সেই ঘটনাৰ পিছতেই মহেশ্বৰে বেজালিবৃত্তি চিৰকাললৈ
ত্যাগ কৰিবলৈ সংকল্প কৰিলে। গাওঁ চুবুৰীয়াই বিচাৰিলে
ইটো-সিটো অসুবিধা দৰ্শাই ৰোগীৰ চিকিৎসাৰ ভাৰ নোলোৱা
হ'ল। গঞাই ভাবিলে — ৰজাঘৰীয়া সা সম্পত্তি পাই ওজাৰ
দৰ্প হৈছে। চুবুৰীয়া মৰিলনে হাজিল তাৰ বা-বাতৰি সি লব
কেলৈ ? গঞাই মনে মনে মহেশ্বৰক শাও দিলে—অতি দৰ্পে
হত লঙ্কা। ৰাইজক নেওচি হতশ্ৰী সি হবই হব; ভেটিত
তিতা লাও গজিব—নিশ্চিত।
কাৰো ৰোগ ব্যাধিৰ ভাৰ নলও বুলিও মহেশ্বৰে কিন্তু
যোগেনৰ সদ্যবিধবাগৰাকীৰ ওচৰলৈ যাব লগা হল। বছেৰেক
নৌ হয় এথোন; চাৰি বছৰীয়া লৰা এটাৰে সৈতে গাভৰু
ঘৈণীয়েকক অকলশৰীয়া কৰি মহেশ্বৰৰ হাততে সন্নিপাত
বিকাৰত যোগেন ঢুকায়। সেই যোগেনৰ লৰাটোৱে সন্ধিয়া
আহি মাকৰ চাৰী-পাটীত পৰা অৱস্থা বুলি যেতিয়৷ কলেহি—
মহেশ্বৰৰ দৃঢ় সংকল্পৰ তলি লৰিল; যোগেনৰ বিধবাক চাবলৈ
নোযোৱাকৈ থাকিব নোৱাৰিলে।
বিধবা গৰাকীৰ অৱস্থা দেখি মহেশ্বৰ চিন্তিত হল। মৌন
হৈ মাটীৰ চাকিৰ মৃদু পোহৰত ভৰিৰপৰা মূৰলৈকে স্থিৰ
দৃষ্টিৰে চালে। ঢাৰী-পাটী তেজেৰে ৰাঙলি হৈছে, অসহা
বেদনাত মানুহজনী কাতৰ। মহেশ্বৰে কাষ চাপি গৈ তিৰোতা
গৰাকীৰ হাতখন নিজৰ হাতত লৈ পৰীক্ষা কৰিলে। আকাশত
লুকাও লুকাও হোৱা সৰু তৰাটোৰ দৰে যোগেনৰ তিৰোতাৰ