“আজি দুপৰীয়া গল; ৰক্ষা পালোঁ। বেমাৰীতকৈ ঘৈণীয়েকৰ কথাই কথাই কান্দোনত ৰাতিও শুব নোৱাৰোঁ। ঘৈণীয়েক নহৈ তাই মাক হোৱাহেঁতেন হে ভাল আছিল।"
“নাক নহয়, তাই টিং মিনৰ শাহুয়েকহে।” নৰেশ্বৰে চনিয়াৰ উত্তৰ একো বুজিব নোৱাৰি বহল ব্যাখ্যা বিচাৰি তাইলৈ চালে।
—নৰেশ্বৰৰ অনুৰোধত চনিয়াই টিংমিনৰ জীৱন কাহিনীৰ বিষয়ে যি কলে তাৰ মৰ্ম্ম এই,—
তাইক মানুহে পাগলী বুলি ঠাট্টাত মাতে। আচল নাম সীতা; সীতাৰ গিৰিয়েক শাল-কাঠনি বাগিছাৰ। চীনা মিস্ত্ৰীয়ে সীতাৰ জীয়েক অহল্যাকহে বিয়া কৰোৱা কথা আছিল; অহল্যাক গহনা-গাথৰিও গঢ়াই দিছিল। মাজে মাজে শাল- কাঠনিত অহল্যাৰ লগত আছিলগৈও। কিন্তু হঠাতে এদিন টিং মিনৰ ঘৰত অহল্যাৰ মাকহে কাঁহি-বাতি ধুবলৈ আহিল। টিং মিন ফিটাৰ কামতো পাৰ্গত; ৰাতি-দিন সমানে খাটিবও পাৰে। চাহাবে তাক বাবু লাইনৰ ওচৰতে বঙলা এটা সাজি লবলৈও দিছিল। জোৱায়েকৰ নতুন ঘৰ চাব-মেলিবলৈহে সীতা টিং মিনৰ ঘৰলৈ অহা বুলি সকলোৱে ভাবিছিল। টিং মিন তেতিয়া ডেকা, মাকৰ বয়সীয়া সীতাক সি যে পলুৱাই আনিব কোনেও ভবাই নাছিল। এদিন দুদিনকৈ দিন গল—সীতা সেই টিং মিনৰ ঘৰতে। লাইনলৈ নেলাগে তাই চুবুৰীয়া বাবুহঁতৰ ঘৰলৈকো নেযায়। টিং মিনেও নিজৰ কামহে জানে; কোনো