প্ৰসূতি কোঠাত পোৱাতীহঁততকৈ সন্তান আৰু তাহাঁতৰ জন্মদাতায়ে সৰহকৈ গোট খাইছে। নৱাগত শিশুক চাবলৈ ঘৰ ঘৰোৱাই হচপিটেললৈ উঠি আহিছে। মেমচাহাবক দেখি প্ৰসূতিৰ কাষৰ পৰা মতাবোৰে আঁতৰি গৈ চেলাম জনালে।
“বহুত চেলাম, বহুত চেলাম।” চাৰিওপিনে সিচঁৰতি হৈ থকা মানুহবোৰৰ সকৌতুক দৃষ্টি এৰাবলৈ মেমচাহাবে লৰা- লৰিকৈ খৰালিত শুকাই যোৱা মৰানদীৰ দৰে নিষ্পন্দভাৱে বিছনাত পৰি থকা প্ৰসূতি এজনীৰ কাষ চাপিল। জীৰ্ণ- শীৰ্ণ, শৰীৰত তেজ মঙহ নাই; হাড় কেইডাল জকজকাই ওলাই আছে। এহাতেৰে বুকুৰ পিয়াহত সদ্যজাত সন্তানৰ মুখ লগাই দি কয়লা বৰণীয়া অন্য হাতেৰে মেমচাহাবক চেলাম দিলে।
“লৰা পাই ভাল পাইছে?”
প্ৰসূতিয়ে চকুৰে হাঁহি মূৰ দুপিয়াই মেমৰ কথা সমৰ্থন কৰিলে। বিছনাৰ ওচৰত বহি থকা মানুহটোৱেও আশ্বস্ত হৈ মুখত এমোকোৰা হাঁহি লৈ চুচৰি আহি নেমচাহাবলৈ দুই হাত বঢ়াই কলে, “বক্চিচ মেমচাহাব।”
“তোমাৰ মাইকী?”
“ওঁ”, জন্মদিয়াৰ গৌৰৱত আনন্দ পৰিপূৰ্ণ মুখ।
“তোমাৰ লৰা হৈছে, তুমি আমাক মিঠাই খুৱাব লাগে।” হাঁহি মাৰি মেমচাহাবে কলে।
“হুজুৰৰ বাগিছাত এটা কুলিৰ সংখ্যা বাঢ়িল।” উত্তৰেৰে