সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ক্ষন্তেক এৰি থাকিব নোৱাৰে, গিৰিয়েকৰ লগে লগে ফুৰে। তাইৰ পৰা টিং মিনক চিকিৎসা কৰাও টান। আমাক নোকো- ৱাকৈ যি সি বস্তু খুৱাই দিয়েহি। কেতিয়াবা গিৰিয়েক তাইৰ হাততে মৰিব।” ডাক্তৰে খঙৰ চকুৰে পাগলীলৈ চালে; তাই মেমচাহাবলৈ মুখ তুলি কপালত চপৰিয়াই” উচুপি উচুপি কান্দিবলৈ ধৰিলে।

 “কান্দিব নেলাগে, দোচোৰা বেমাৰী আছে।”

 আশ্বাস দি আকৌ কলে, “ভয় নাই, ডাক্তৰ বাবুয়ে তোমাৰ মতাক সোনকালে ভাল কৰি দিব।”

 কথাষাৰ কৈ ডাক্তৰলৈ চালে; আত্ম-গৌৰৱত ডাক্তৰৰ মুখ উজ্জ্বল হৈ উঠিল।

 “মিন ভাল হৈছেই; দুদিনৰ ভিতৰতে তাক হচপিটেলৰ পৰা এৰি দিম। সি পৰি থাকিলে কলঘৰৰ কামৰ বহুত খতি হয়।”

 মিচেচ মিলাৰে উভতিবলৈ ইচ্ছা কৰিলে। ডাক্তৰে অনুৰোধ জনালে, মেটাৰ্নিটি ওৱাৰ্ডত এবাৰ ভিজিট দিবলৈ।

 “কিয় যাব লাগে?” মেটাৰ্নিটি নামটোত মেমচাহাবৰ ঘৃণা; প্ৰশ্নত অনিচ্ছা।

 “তিৰোতা বিলাকে মেমচাহাবক চাবলৈ আগ্ৰহ কৰিছে।”

 “বেচ।”

 ডাক্তৰে আগে আগে বাট দেখুৱাই নিলে; কম্পাউণ্ডাৰ, ধাই, চকীদাৰ মেমচাহাবৰ পিছে পিছে পৰুৱাৰ লানীৰ দৰে লাগি গ'ল।