সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “নমৰে?” সঠিক উত্তৰৰ কাৰণে কৰা দৃঢ় প্ৰশ্ন।

 “নাই নাই, ভয় একো নাই। তিনদিনৰ মূৰত আৰোগ্য হৈ সি বঙলালৈ ঘূৰি যাব পাৰিব।” নিজৰ কামৰ সুবিধাৰ কাৰণে নৰেশ্বৰৰ শীঘ্ৰ আৰোগ্য বিচাৰিছে বুলি ডাক্তৰে অনুমান কৰাত মিচেচ মিলাৰে কলে, “নহয় নহয়, বঙলাৰ কামৰ কাৰণে নহয়। লৰাটো স্মাৰ্ট; ভাল বিহেভিয়াৰ। মিলাৰে তাক পছন্দ কৰে।” ডাক্তৰে নৰেশ্বৰক বিশেষ যত্ন লব বুলি চাহাবৰ নাম উল্লেখ কৰিলে। “আপুনি ঠিকেই কৈছে। চেহেৰা- পাতিৰ পৰা ভাল মানুহৰ ঘৰৰ লৰা বুলিয়েই অনুমান হয় :" ৰোগীৰ পৰিচৰ্য্যাত মনোযোগ দিয়া দৰ্শাবলৈ, নৰেশ্বৰৰ গাৰপৰা খহি পৰা কম্বলখন ঠিক কৰি ডাক্তৰে উত্তৰ দিলে।

 “ইয়াক আমি বাটত পাইছিলো।”

 “মাক-বাপেকৰ লগত কাজিয়া কৰি ভদ্ৰঘৰৰ লৰাই বহু সময়ত বাগিছাৰ কাম বিচাৰি আহে। বাগিছাত কামত সোমাই কুলিয়নী বখাই কুলিৰ লগত একেবাৰে মিলি যায়।” ডাক্তৰে উত্তৰ দিলে।

 “কুলি ছোৱালী দেখিবলৈ সুন্দৰ; ডেকা মানুহক ভুলাব পাৰে!” হাঁহি মাৰি মিচেচ মিলাবে নৰেশ্বৰৰ বিছনাৰ কাষৰ পৰা আঁতৰিল।

 কাষৰ বিছনাত অন্য ৰোগী। বেমাৰীয়ে পকা চকলাটেঙ্গাৰ দৰে চক্ৰাকাৰ হালধীয়া চকু দুটাৰে মেনলৈ চাই হাঁহিলে। মিচেচ