ছন্দৰ লগত ভৰিৰ ছন্দ মিলাই জোনাকী নিশাৰ নাচনী পৰীৰ
দৰে নাচি নাচি চনিয়া আঁতৰিল।
মদৰ জালে এবং দিয়া মানুহৰ দৰে নৰেশ্বৰ অৱশ হৈ পৰিল। আজি কেইদিন হৈছে—চনিয়াক লগ পোৱা? ৰামধনুৰ দৰে মুহূৰ্তে মুহূৰ্তে মনৰ বৰণ সলোৱা কি অদ্ভুত ছোৱালী! মুহূৰ্ত্তৰ কাৰণে হলেও তাৰ সামান্য জীৱনটো কেনে আনন্দ-মুখৰ কৰি তুলিলে; স্বৰ্ণময় এনে সন্ধিয়া তাৰ জীৱনত দুনাই আহিব জানো?
মনোৰম এই জোনাক নিশাটো পাটীত পৰি কটাবলৈ তাৰ সত নগল। জীৱনৰ মধুৰ মুহূৰ্ত্তবোৰ উপভোগ কৰিব নোৱাৰিলে জীয়াই থকাৰে বা সাৰ্থকতা ক'ত? এই সত্য নবেশ্বৰে আজিহে জীৱনত প্ৰথমবাৰৰ কাৰণে আবিষ্কাৰ কৰিলে। মাদলৰ নিমন্ত্ৰণত তাৰ অন্তৰত থৌকি-বাথৌকি লাগিল। বাগিছাৰ বাট ধৰি লাইনৰ পিনেই মাদলৰ ছেৱে ছেৱে সি বাট বুলিলে।
পোন্ধৰ
নৰেশ্বৰ ঢলং-পলংকৈ মাজৰাতি ঘৰ সোমালহি। হাৰিয়া খোৱাব অভ্যাস তাৰ নাছিল অথচ লাইনৰ নাচ-গানলৈ গলে নেখাইও নোৱাৰে। প্ৰথমে দুই এৰাতি গাৱঁৰ সংস্কাৰ মানি মদ খোৱা পাপ বুলি খোৱা নাছিল। কিন্তু ইমানবোৰ মানুহে যাক পাপ বুলি নেভাবে, সি কিয় তাক পাপ বুলি ভয় কৰিব?
যি যি ভাৱে জীৱনৰ আনন্দ উপলব্ধি কৰিব খোজে, তাক তেনে-
২৫০