সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

পানী ওলাইছিল—চোলাটোত চিয়াহী লগাৰ কাৰণে নহয়— প্ৰথম দিনা যে এণ্ড্ৰুজ চাহাবৰ কথাষাৰ ৰাখিব নোৱাৰিলোঁ। কান্দি কান্দি ঘৰলৈ আহি একো নেখাই শুই থাকিলোঁ। পিছদিনা এণ্ড্ৰুজ চাহাবে মোৰ চোলাটোত চিয়াহী দেখি একো নুশুধিলেও, নকলেও। মোলৈ এনেভাৱে চালে—মোৰ নিজৰে দোষী দোষী লাগিল; এণ্ড্ৰুজ চাহাবে মোলৈ তেনেকৈ নেচাই মোক মৰা হেঁতেনেই ভাল পালোহেঁতেন। সেইদিনাৰপৰা অৱশ্যে মোৰ মনৰ অৱস্থা সুকীয়া হ'ল; মই খঙাল হলো; সুবিধা পালে ছোৱালীজনীক শাস্তি দিবলৈ মনে মনে পাঙিলো। এণ্ড্ৰুজ চাহাবৰ মেজত পেন্সিল-কটা সৰু চুৰি কটাৰি এখন দেখিছিলো; সেইখন মোৰ হাতত ৰখা হলো। কেতিয়াবা লগত স্কুললৈ লৈ যাওঁ। কটাৰিখন কাকো নেদেখুৱাকৈ লুকুৱাই থৈছিলো; তথাপি কটাৰিখন স্কুললৈ নিয়া দিনাৰপৰা কোনো ছোৱালীয়ে মোক নোজোকোৱা হ'ল। ভাবিলো কটাৰিৰ ভয়ত তাহাতে মোৰ লগত চুপতি কৰিবলৈ এৰিলে। আচলতে সি নহয়; মোৰ ধুনীয়া চোলাটোত চিয়াহী পেলোৱাত মই একো গালি-শপনি নপৰাত বোধকৰোঁ তাহাতে নিজে নিজে লাজ পাইছিল। সেইদিনা দুপৰীয়া; দুপৰীয়াৰ ধেমালিৰ ঘণ্টাত স্কুলৰ পথাৰত সকলোৱে খেলা-ধূলা কৰে। কটাৰিখনৰে মই এফলীয়া হৈ বন খুচৰি আছিলো; ওপৰ শ্ৰেণীৰ সেই ছোৱালীজনীয়ে বগী মেম, বগী মেম বুলি শিয়াৰি মোক ঠেলা মাৰি দিলেহি; মই উবুৰি খাই পৰিলোঁ। তাই ওচৰতে হাঁহি

২৪২