সেউজী পাতৰ কাহিনী
“এণ্ডজ চাহাবে খং কৰা নাছিল; মৰমেৰে বুজাইছিল—
পেঞ্চিলেৰে আখৰ লিখে, বেৰত আঁক-বাক নকৰে। সেইদিনাৰ
পৰা হলে বেৰত পেঞ্চিলৰ দাগ এটাও মৰা নাছিলোঁ।”
ক্ষন্তেক ৰৈ কলে, “এণ্ড্ৰুজ চাহাবে স্কুললৈ নপঠোৱা হেঁতেন কিজানি তেওঁৰ লগতে ডাঙৰ দীঘল হলোহেঁতেন।”
“স্কুলে কি জগৰ লগালে?” নৰেশ্বৰে সোধো নোসোধোকৈ শুধিলে।
“জানো কিয়, স্কুলৰ লগৰীয়াবোৰক মোৰ ভাল লগা নাছিল; মোতকৈ কেইবাজনীও ডাঙৰ ছোৱালীও স্কুলত আছিল; তাহাতে মোৰ গাৰ বৰণটো দেখি ফিচিঙা-ফিচিঙি কৰে; তেতিয়াই বুজিছিলোঁ মোৰ গাৰ বগা বৰণটো বৰণ নহয়— বেয়া বেমাৰ। মোৰ গাৰ বৰণটো কলা কৰিবলৈ ওপৰ শ্ৰেণীৰ ছোৱালীবোৰে কেতিয়াবা কেতিয়াবা মোৰ গাত কলা চিয়াহী ছটিয়াই দিছিল; মই একো নকওঁ; কান্দি কান্দি ঘৰলৈ আহোঁ। এণ্ড্ৰুজ চাহাবে এদিন ধুনীয়া চোলা এটা দি তাত যেন চিয়াহী নেপেলাওঁ—বৰকৈ কৈছিল। চোলাটো দেখি ছোৱালী কেইজনীৰ চকু পুৰিবলৈ ধৰিলে; কেনেবাকৈ চিয়াহী পেলাই বুলি তাহাঁতৰপৰা মই আঁতৰি আঁতৰি ফুৰিছিলো। স্কুল ছুটীৰ পিছত ঘৰলৈ আহোঁতে ওপৰ শ্ৰেণীৰ ছোৱালী এজনীয়ে তাইৰ দোৱাতটো মোৰ চোলাৰ ওপৰত উবুৰিয়াই দি খিল্-খিল্কৈ হাঁহি লৰ মাৰিলে; লগৰ বাকী লৰা-ছোৱালীবোৰেও হাত চাপৰি মাৰি হাঁহিলে। মোৰ চকু
২৪১